• Home
  • »
  • News
  • »
  • world
  • »
  • অস্ত্ৰোপচাৰৰ পিছত ভেণ্টিলেটৰত ছলমান ৰুশ্বডী, হেৰুৱাব পাৰে এটা চকু, লিভাৰত লাগিছে ছুৰী

অস্ত্ৰোপচাৰৰ পিছত ভেণ্টিলেটৰত ছলমান ৰুশ্বডী, হেৰুৱাব পাৰে এটা চকু, লিভাৰত লাগিছে ছুৰী

ৰুশ্বডীক নিউয়ৰ্কত এক কাৰ্যসূচীৰ সময়ত নিউ জাৰ্ছীৰ এজন ২৪ বছৰীয়া যুৱকে ছুৰীৰে আক্ৰমণ কৰে। ৰুশ্বডীক আক্ৰমণ কৰা লোকজনক হাদী মতৰ (২৪) বুলি চিনাক্ত কৰা হৈছে।

  • Share this:
লেখক ছলমান ৰুশ্বডীৰ ওপৰত ছুৰীৰে আক্ৰমণৰ পিছত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে আৰু বৰ্তমান তেওঁ ভেণ্টিলেটৰত আছে। তেওঁৰ এটা চকু হেৰুওৱাৰ সম্ভাৱনা আছে। আক্ৰমণৰ পিছত তেওঁৰ লিভাৰ ক্ষতিগ্ৰস্ত হৈছিল। মুম্বাইত জন্মগ্ৰহণ কৰা লেখক ৰুশ্বডীৰ এজেণ্ট এণ্ড্ৰয়ু ভায়লীৰ মতে, তেওঁ ভেণ্টিলেটৰত আছিল আৰু কথা ক’ব পৰা নাছিল। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ খবৰ অনুসৰি, ভাইলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে খবৰ ভাল নহয়। ছলমান ৰুশ্বডীয়ে এটা চকু হেৰুওৱাৰ আশংকা আছে, তেওঁৰ হাতৰ শিৰা কাটি গৈছে আৰু লিভাৰ ক্ষতিগ্ৰস্ত হৈছে।

ৰুশ্বডীক নিউয়ৰ্কত এক কাৰ্যসূচীৰ সময়ত নিউ জাৰ্ছীৰ এজন ২৪ বছৰীয়া যুৱকে ছুৰীৰে আক্ৰমণ কৰে। ৰুশ্বডীক আক্ৰমণ কৰা লোকজনক হাদী মতৰ (২৪) বুলি চিনাক্ত কৰা হৈছে। নিউয়ৰ্কৰ ষ্টেট পুলিচৰ মেজৰ য়ুজীন ষ্টেনিজেভস্কীয়ে শুকুৰবাৰে সন্ধিয়া সংবাদমেলত এই তথ্য সদৰি কৰে।

ষ্টেনিজেভস্কীয়ে কয় যে এতিয়ালৈ আক্ৰমণকাৰীৰ উদ্দেশ্যৰ বিষয়ে জানিব পৰা হোৱা নাই। কিন্তু আমি এফবিআইৰ সৈতে কাম কৰি আছো আৰু ইয়াৰ কাৰণ আৰু উদ্দেশ্য কি আছিল তাৰ সম্ভেদ উলিয়াম। উল্লেখযোগ্য যে ইৰানত ইছলামিক গণৰাজ্যৰ প্ৰতিষ্ঠাপক আয়াতুল্লা খুমেনীয়ে ১৯৮৯ চনত দ্য ছেটেনিক ভাৰ্ছেজৰ লেখক ছলমান ৰুশ্বডীৰ বিৰুদ্ধে এক ফটোৱা জাৰি কৰিছিল।
Published by:Sanjay Kumar Das
First published: