জানিব পৰা মতে, নিহত সেই সন্ত্ৰাসবাদী নেতাজনে ভৱিষ্যতে আৰু আত্মঘাতী বিস্ফোৰণৰ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু নিহত সন্ত্ৰাসবাদীটো কাবুল বিমানবন্দৰৰ আক্ৰমণত জড়িত আছিল নে নাই সেয়া স্পষ্ট হোৱা নাই।
বৃহস্পতিবাৰে কাবুল বিমানবন্দৰত সন্ত্ৰাসবাদী আক্ৰমণত ১৩জন মাৰ্কিন সেনাসহ শতাধিক লোক নিহত হৈছিল। সেই আক্ৰমণৰ পিছতে দোষীক শাস্তি দিয়া হ’ব বুলি ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে।