Ayman al-Zawahiri killed : ড্ৰোণ আক্ৰমণত নিহত অল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰি! দাবী আমেৰিকাৰ
Ayman al-Zawahiri killed : ড্ৰোণ আক্ৰমণত নিহত অল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰি! দাবী আমেৰিকাৰ
ৰাষ্ট্ৰপতি জো বাইডেনে টুইটযোগে কয়, শনিবাৰে মোৰ নিৰ্দেশত আমেৰিকাই আফগানিস্তানৰ কাবুলত এক সফল বিমান আক্ৰমণ চলায়, য’ত অল কায়দাৰ নেতা আয়মান আল জৱাহিৰি নিহত হয়।
ৰাষ্ট্ৰপতি জো বাইডেনে টুইটযোগে কয়, শনিবাৰে মোৰ নিৰ্দেশত আমেৰিকাই আফগানিস্তানৰ কাবুলত এক সফল বিমান আক্ৰমণ চলায়, য’ত অল কায়দাৰ নেতা আয়মান আল জৱাহিৰি নিহত হয়।
আমেৰিকাৰ ড্ৰোণ আক্ৰমণত নিহত হৈছে সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ (Al Qaeda) মুৰব্বী আয়মান আল জৱাহিৰি (Ayman al-Zawahiri killed)। এই দাবী কৰিছে আমেৰিকাই। ২০১১ চনত ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাত এয়া আন এক মোক্ষম আঘাত। লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ নেতৃত্ব লৈছিল জৱাহিৰিয়ে।
আমেৰিকাৰ মতে, জৱাহিৰিক আফগানিস্তানত চিআইএৰ ড্ৰোণে হত্যা কৰে। কাবুলৰ এটা ঘৰত আত্মগোপন কৰি আছিল জৱাহিৰিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে জৱাহিৰিৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।
ৰাষ্ট্ৰপতি জো বাইডেনে টুইটযোগে কয়, শনিবাৰে মোৰ নিৰ্দেশত আমেৰিকাই আফগানিস্তানৰ কাবুলত এক সফল বিমান আক্ৰমণ চলায়, য’ত অল কায়দাৰ নেতা আয়মান আল জৱাহিৰি নিহত হয়। আল জৱাহিৰিৰ বিৰুদ্ধে আমেৰিকাত হোৱা কেইবাটাও আক্ৰমণৰ অভিযোগ আছিল।
২০০১ চনৰ ১১ ছেপ্টেম্বৰত হোৱা বিমান আক্ৰমণৰ ঘটনাত জৱাহিৰিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। চিএনএনৰ ৰিপ’ৰ্ট অনুসৰি এই আক্ৰমণত দুটা Hellfire মিছাইল ব্যৱহাৰ হৈছিল। শনিবাৰে নিশা ৯.৪৮ বজাত এই ঘটনা সংঘটিত কৰা হয়।
কোৱা হৈছে যে জৱাহিৰিৰ ওপৰত আক্ৰমণৰ পূৰ্বে বাইডেনে নিজৰ কেবিনেট আৰু পৰামৰ্শদাতাসকলৰ সৈতে কেইবাসপ্তাহ ধৰি বৈঠকত মিলিত হয়। ইমানেই নহয়, গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই আক্ৰমণৰ সময়ত কোনো আমেৰিকান কাবুলত উপস্থিত নাছিল।
হাক্কানি তালিবানে সেই স্থানত জৱাহিৰি উপস্থিত থকাৰ কথা জানিছিল। আমেৰিকাই কয়, এয়া দোহা চুক্তিৰ স্পষ্ট উলংঘন। তালিবানে জৱাহিৰিৰ উপস্থিতিৰ কথা লুকুৱাবলৈ চেষ্টা কৰিছিল। তালিবানে ইয়াৰ ওপৰত বিশেষ গুৰুত্ব দিছিল যে তেওঁৰ ঠিকনালৈ যাতে কোনো যাব নোৱাৰে। আমেৰিকাই স্পষ্ট কৰি দিছে যে এই আক্ৰমণত তেওঁৰ পৰিয়ালক লক্ষ্য কৰা হোৱা নাই, তেওঁলোকৰ কোনো ক্ষতি হোৱা নাই।
কোন এই জৱাহিৰি?
জৱাহিৰিয়ে ১১ বছৰ ধৰি অল কায়দাৰ কমাণ্ড চম্ভালি আছিল। তেওঁ এসময়ত ওছামা বিন লাডেনৰ পাৰ্ছনেল ফিজিচিয়ান আছিল। নিউয়ৰ্ক টাইমছৰ মতে, জৱাহিৰি ইজিপ্তৰ এক প্ৰতিষ্ঠিত পৰিয়ালৰ লোক। তেওঁৰ ককাক ৰবিয়া আল–জৱাহিৰি কাহিৰাত আল–আজহাৰ বিশ্ববিদ্যালয়ৰ ইমাম আছিল। তেওঁৰ আজোককাক আব্দেল ৰহমান আজম আৰব লীগৰ প্ৰথম সচিব আছিল। ইমানেই নহয়, জৱাহিৰিয়ে আমেৰিকাৰ ওপৰত আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ ষড়যন্ত্ৰত সহায় কৰিছিল। ১১ ছেপ্টেম্বৰ ২০০১ চনত আমেৰিকাত হোৱা আক্ৰমণৰ পিছত জৱাহিৰিয়ে আত্মগোপন কৰি আছিল।