মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »উচ্চ শিক্ষাৰ বাবে প্ৰথম পচন্দ আমেৰিকা; অভিলেখ সংখ্যক ১.২৫ লাখ ভাৰতীয় শিক্ষাৰ্থীক ভিছা জাৰি দেশখনৰ

উচ্চ শিক্ষাৰ বাবে প্ৰথম পচন্দ আমেৰিকা; অভিলেখ সংখ্যক ১.২৫ লাখ ভাৰতীয় শিক্ষাৰ্থীক ভিছা জাৰি দেশখনৰ

এই বছৰৰ জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত ৮২,০০০ ভাৰতীয় শিক্ষাৰ্থীক ভিছা জাৰি কৰা হৈছে যি সকলো দেশৰ ভিতৰত সৰ্বাধিক সংখ্যা

এই বছৰৰ জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত ৮২,০০০ ভাৰতীয় শিক্ষাৰ্থীক ভিছা জাৰি কৰা হৈছে যি সকলো দেশৰ ভিতৰত সৰ্বাধিক সংখ্যা

  • Share this:
ভাৰতৰ পৰা আমেৰিকাত পঢ়িবলৈ আগ্ৰহী শিক্ষাৰ্থীৰ সংখ্যা দিনক দিনে নিৰন্তৰ বৃদ্ধি হৈ গৈ আছে। ভাৰতীয় শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে পৃথিৱীৰ বহুতো দেশলৈ যায় যদিও আমেৰিকাক তেওঁলোকৰ ডাঙৰ পছন্দ হিচাপে পৰিলক্ষিত হয়। ইয়াৰ এটা ডাঙৰ উদাহৰণ হৈছে যে ২০২২ বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঢ়িবলৈ যোৱা শিক্ষাৰ্থীৰ সংখ্যা। উল্লেখ্য যে, ২০২২ বৰ্ষটোত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰায় ১,২৫,০০০ শিক্ষাৰ্থীক ভিছা প্ৰদান কৰিছে। ইয়াক ভিছা প্ৰদানৰ অভিলেখ হিচাপেও দেখা গৈছে। এই তথ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা আনুষ্ঠানিকভাৱে দিয়া হৈছে।

এএনআইৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাই আনুষ্ঠানিকভাৱে তথ্য প্ৰকাশ কৰি কয় যে, বিগত বছৰ অৰ্থাৎ ২০২২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ভাৰতীয় শিক্ষাৰ্থীসকলক প্ৰায় ১.২৫ লাখ ছাত্ৰ ভিছা জাৰি কৰা হৈছে। উল্লেখনীয় যে, বহুসংখ্যক শিক্ষাৰ্থীয়ে আমেৰিকাৰ পৰা উচ্চ শিক্ষা লাভ কৰিবলৈ নিজকে পঞ্জীয়ন কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চালে দেখা যাব যে ২০২০-২১ বৰ্ষত ৯.১৪ লাখ আৰু ২০২১-২২ বৰ্ষত সমগ্ৰ বিশ্বৰ পৰা ৯.৪৮ লাখ শিক্ষাৰ্থীয়ে নিজকে পঞ্জীয়ন কৰিছে। বহু সংখ্যক ভাৰতীয় শিক্ষাৰ্থীয়ে স্নাতকোত্তৰ কাৰ্যসূচীৰ বাবেও পঞ্জীয়ন কৰিছে।

এক প্ৰতিবেদন অনুসৰি, এই বছৰৰ জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত ৮২,০০০ ভাৰতীয় শিক্ষাৰ্থীক ভিছা জাৰি কৰা হৈছে যি সকলো দেশৰ ভিতৰত সৰ্বাধিক সংখ্যা। নতুন দিল্লীত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ কনচুলাৰ বিষয়ৰ মন্ত্ৰী পৰামৰ্শদাতা ডন হেফ্লিনে কয় যে, ২০২১-২২ বৰ্ষত একে সময়তে ৬২,০০০ ছাত্ৰক ভিছা জাৰি কৰা হৈছিল।

শেহতীয়া বাতৰি