এই পৃথিৱীত তেওঁ বেছিদিন থাকিব নোৱাৰে – বাগদাদীৰ পিছত এইবাৰ ISISৰ নতুন মুৰব্বীক হত্যাৰ ভাবুকি আমেৰিকাৰ

News18-Assam
Updated:November 7, 2019, 10:20 AM IST
এই পৃথিৱীত তেওঁ বেছিদিন থাকিব নোৱাৰে – বাগদাদীৰ পিছত এইবাৰ ISISৰ নতুন মুৰব্বীক হত্যাৰ ভাবুকি আমেৰিকাৰ
সাংকেতিক ফটো

উল্লেখযোগ্য যে বিগত সপ্তাহত ইছলামিক ষ্টেটে আবু ইব্ৰাহিম অল হাছিমী অল কুৰেশ্বীক মুৰব্বী ঘোষণা কৰিছিল।

  • Share this:
আবু বক্কৰ আল বাগদাদীক আমেৰিকাই হত্যা কৰাৰ পিছত দুৰ্ধষ সন্ত্ৰাসবাদী সংগঠনটো মুৰব্বী হিচাপে দায়িত্ব লৈছে আবু ইব্ৰাহিম অল হাছিমি অল কুৰেশ্বীয়ে। বাগদাদীৰ হত্যাৰ পিছত আবু ইব্ৰাহিমৰ হত্যা কৰাৰ ভাবুকি দিছে আমেৰিকাই। আমেৰিকাৰ এজন বিষয়াই কয় যে, শীঘ্ৰেই হত্যা কৰা হ’ব আবু ইব্ৰাহিমক।

নাম প্ৰকাশত অনিচ্ছুক বিষয়াগৰাকীয়ে কয় যে আমি তেওঁৰ বিষয়ে বহুত কম কথা জানো, আমি প্ৰভাৱিত নহয়। আৰু যদি তেওঁ ইৰাক বা ছিৰিয়াত আছে, তেন্তে আমি নাভাৱো যে তেওঁ এই পৃথিৱীত বেছিদিন থাকিব পাৰিব।

উল্লেখযোগ্য যে বিগত সপ্তাহত ইছলামিক ষ্টেটে আবু ইব্ৰাহিম অল হাছিমী অল কুৰেশ্বীক মুৰব্বী ঘোষণা কৰিছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading