International Yoga Day 2021: আজি সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ভাৰতৰ লগতে সমগ্ৰ বিশ্বই আজি উদযাপন কৰিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সাম্প্ৰতিক সময়ত যোগাসনৰ গুৰুত্ব বুজিয়েই আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰা হৈছে বিশ্বজুৰি। দেশৰ ভিন্ন প্ৰান্তৰ লগতে নিউয়ৰ্ক চহৰতো দেখিবলৈ পোৱা গ'ল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উছাহ। আইকনিক টাইমছ স্কোৱেৰত প্ৰায় ৩,০০০ লোকে একেলগে কৰিলে যোগাসন।
চহৰখনত চলা দিনজোৰা এই অনুষ্ঠানত সকলোকে একেলগে যোগাসন কৰা দৃশ্য আছিল অতি মনোৰম। যাৰ বাবে এই দৃশ্যসমূহ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। টাইমছ স্কোৱেৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই অনুষ্ঠান ভাৰতীয় দূতাবাসে টাইমছ স্কোৱেৰ এলায়েন্সৰ সৈতে আয়োজন কৰিছিল।
ভাৰতীয় কনচুলেটৰ জেনেৰেল ৰণধীৰ জয়ছোৱালে এই অনুষ্ঠানক লৈ কয় এনেদৰে, "বিশ্বৰ আমাৰ আটাইতকৈ বিখ্যাত স্থান টাইমছ স্কোৱেৰত যোগ দিৱস উদযাপন কৰিলে দেখা যায় যে যোগ এতিয়া বিশ্বব্যাপী হৈ পৰিছে।" ভাৰতত যোগ আৰম্ভ কৰা হৈছিল কিন্তু আজি ই বিশ্ব ঐতিহ্যৰ অংশ হৈ পৰিছে। যোগ হৈছে আমাৰ প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰা, আমাৰ স্বাস্থ্যৰ সৈতে জড়িত আৰু জীয়াই থকাৰ উপায়। যোগ হৈছে জীৱনৰ এক উপায়। এখন শান্তিপূৰ্ণ আৰু সভ্য সমাজৰ বাবে আমি যোগ কৰিব লাগে।"
কেৱল নিউয়ৰ্ক চহৰতেই নহয়; ডেনমাৰ্ক,পোলেণ্ড, নিউ জাৰ্চিৰ লগতে অন্যান্য দেশসমূহতো দেওবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা দেখা যায়।
উল্লেখ্য যে, এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে কোৰোণা প্ৰতিৰোধ কৰা। যোগ দিৱসৰ আনুষ্ঠানিক নাম হৈছে অন্তৰাৰো যোগ দিৱস। ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২১ৰ বিষয়বস্তু স্বাস্থ্যৰ বাবে যোগ (সুস্থতাৰ বাবে যোগ) হিচাপে নিৰ্ধাৰণ কৰিছে। কোৰোণাৰ বাবে বৰ্তমান সময়ত আমাৰ স্বাস্থ্যলৈ অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰো ঘৰত থাকি আৰু যোগাভ্যাস কৰি স্বাস্থ্য শক্তিশালী কৰাৰ বিষয়ে সজাগতা বিয়পোৱাৰ চেষ্টা চলোৱা হৈছে।