মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»ৰাছিয়াৰ যৌন কৰ্মীয়ে ঠগিলে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ পুত্ৰ হাণ্টাৰক! পিতৃৰ একাউণ্টৰ পৰা দিছিল ১৮ লাখ টকা...

ৰাছিয়াৰ যৌন কৰ্মীয়ে ঠগিলে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ পুত্ৰ হাণ্টাৰক! পিতৃৰ একাউণ্টৰ পৰা দিছিল ১৮ লাখ টকা...

News18 Assam | News18-Assam
Updated:June 24, 2021, 1:58 PM IST
ৰাছিয়াৰ যৌন কৰ্মীয়ে ঠগিলে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ পুত্ৰ হাণ্টাৰক! পিতৃৰ একাউণ্টৰ পৰা দিছিল ১৮ লাখ টকা...
বিদেশী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হাণ্টাৰ বাইডেনে দুৰ্ভাগ্যবশতঃ তেওঁৰ পিতৃ জ' বাইডেনৰ একাউণ্টৰ পৰা এগৰাকী ৰাছিয়ান যৌনকৰ্মীলৈ প্ৰেৰণ কৰিছিল ২৫,০০০ ডলাৰ অৰ্থাৎ প্ৰায় ১৮, ৫৫,০০০ টকা ।

বিদেশী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হাণ্টাৰ বাইডেনে দুৰ্ভাগ্যবশতঃ তেওঁৰ পিতৃ জ' বাইডেনৰ একাউণ্টৰ পৰা এগৰাকী ৰাছিয়ান যৌনকৰ্মীলৈ প্ৰেৰণ কৰিছিল ২৫,০০০ ডলাৰ অৰ্থাৎ প্ৰায় ১৮, ৫৫,০০০ টকা ।

  • Share this:
পুনৰ আন এক বতৰ্কত সোমাই পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ পুত্ৰ হাণ্টাৰ বাইডেন। প্ৰায়েই বিবাদত থকা হান্টাৰৰ ধনৰ লেনদেনৰ এটা বাতৰিয়ে সম্প্ৰতি চৰ্চা লাভ কৰিছে । বিদেশী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হাণ্টাৰ বাইডেনে দুৰ্ভাগ্যবশতঃ তেওঁৰ পিতৃ জ' বাইডেনৰ একাউণ্টৰ পৰা এগৰাকী ৰাছিয়ান যৌনকৰ্মীলৈ প্ৰেৰণ কৰিছিল ২৫,০০০ ডলাৰ অৰ্থাৎ প্ৰায় ১৮, ৫৫,০০০ টকা ।

নিউয়ৰ্ক পোষ্টে প্ৰকাশ কৰা অনুসৰি, ২০১৮ চনৰ মে' মাহত হাণ্টাৰে ৰাছিয়াৰ এমাৰ্ল্ড ফেণ্টাচী গাৰ্লছ এজেঞ্চীৰ ইয়ানা নামৰ এগৰাকী পতিতাক মাতি পঠিয়াইছিল। হাণ্টাৰে ইয়ানালৈ এক বাৰ্তা প্ৰেৰণ যে, তেওঁ চাটৌ মাৰ্মন্ট নামৰ এখন হোটেলত আছে। ইয়ানা সেইসময়ত হোটেলখনত আছে নেকি? ইয়ানা হোটেলত উপস্থিত হোৱাৰ পিছত দুয়োৱে একেলগে সুৰাপান কৰাৰ লগতে প্ৰস্তুত কৰে পৰ্ণ ভিডিও। ইয়াৰ বাবদ হান্টাৰে যৌনকৰ্মীগৰাকীক পিতৃ তথা ৰাষ্ট্ৰপতি জ' বাইডেনৰ একাউণ্টৰ পৰা দিয়ে টকা।

সকলো মেছেজ, ফটো হাণ্টাৰ বিডেনৰ লেপটপত চেভ হৈ আছিল। হাণ্টাৰে তেওঁৰ লেপটপটো ডায়েৰীৰ দৰেই ৰাখিছিল, য'ত তেওঁ প্ৰতিটো ই-মেইল, মেছেজত হোৱা বাৰ্তালাপ, বিত্তীয় ৰেকৰ্ড আদি চেভ কৰি ৰাখিছিল। কিন্তু লেপটপটো মেৰামতিৰ বাবে ডেলৱেৰ দোকানত দিওতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুসন্ধানকাৰী সংস্থাৰ (FBI)ৰ হাতত পৰে।

খবৰ অনুসৰি, ইয়ানাই কেইবাদিনো হাণ্টাৰৰ সৈতে কটাইছিল আৰু ইয়াৰ বাবদ টকাৰ দাবী কৰিছিল। টকাৰ নাটনি হোৱাত হাণ্টাৰে ৮০০০ ডলাৰ দিবলৈ বাকী ৰৈছিল ইয়ানাক। কিন্তু ২৪ মে'ৰ পুৱা, হাণ্টাৰে Zelle ত গুলনোৰা নামৰ এগৰাকী মহিলাৰ হৈছে সংযোগ স্থাপন কৰে। আৰু সেই গুলনোৰা আছিল ইয়ানাৰ 'বছ'!

হাণ্টাৰৰ একাউণ্ট খালী হৈ পৰিছিল -

পৰৱৰ্তী সময়ত  হাণ্টাৰে গুলনোৰাৰ একাউণ্টলৈ ৮,০০০ ডলাৰ স্থানান্তৰ কৰিছিল যদিও টেকনিকেল সমস্যাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। আৰু তেতিয়াই বিত্তীয় সেৱা কোম্পানী ৱেলছ ফাৰ্গোৱে হাণ্টাৰক প্ৰৱঞ্চক হিচাপে চিনাক্ত কৰি  সতৰ্কবাণী প্ৰেৰণ কৰে।  কিন্তু এদিন হাণ্টাৰে নিজৰ একাউণ্ট পৰীক্ষা কৰোতে প্ৰত্যক্ষ কৰে যে,  তেওঁৰ বেংক একাউণ্ট খালী হৈ আছে। আৰু যিসমূহ ট্ৰানজেকশ্যন প্ৰথমে ফেইল দেখাইছিল, সেয়া প্ৰকৃততে হৈছিল আৰু  ইয়ানাৰ একাউণ্টলৈ স্থানান্তৰিত  প্ৰথম ৮,০০০ ডলাৰ, তাৰ পিছত ২,০০০ ডলাৰ আকৌ ৩,৫০০০ ; ৮,০০০ ডলাৰ আৰু শেষত ৩,৫০০ ডলাৰ। এনেদৰে এঘণ্টাৰ ভিতৰতে হাণ্টাৰৰ একাউণ্টৰ পৰা ২৫,০০০ ডলাৰ স্থানান্তৰ হৈছিল ইয়ানাৰ একাউণ্টলৈ।

ইয়ানাই হাণ্টাৰক প্ৰেৰণ কৰে  মেছেজঃ

পিছত এই সংক্ৰান্তত  ইয়ানাই হাণ্টাৰক মেছেজ কৰিছিল। ইয়ানাই লিখিছিল, 'মোৰ একাউণ্টলৈ বহুবাৰ টকা আহিছে। যোৱা নিশাৰ পৰা ১৯,৫০০ ডলাৰ আহিছে। আপুনি মোক যেতিয়াই লগ কৰিব বিচাৰিছে, তেতিয়া আপোনাক ধন ঘূৰাই দিম । আপুনি মোক ব্যক্তিগত নম্বৰৰ পৰা ফোন কৰিলে ভাল হ'ব।'
Published by: Himangshu Bhuyan
First published: June 24, 2021, 1:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি