US Capitol Violence: আমেৰিকাৰ ইতিহাসৰ ক’লা দিন! US কেপিটল হিল হিংসাত গুলীচালনাত মহিলাৰ মৃত্যু, ১০টা পইণ্টত জানক হিংসাত্মক কাণ্ডৰ সবিশেষ

US Violence: ট্ৰাম্প সমৰ্থকৰ বিক্ষোভৰ কাৰণে ৱাশ্বিংটন ডিচিত আজি সন্ধিয়া ৬বজালৈকে কাৰ্ফিউ দিয়া হৈছে।
US Violence: ট্ৰাম্প সমৰ্থকৰ বিক্ষোভৰ কাৰণে ৱাশ্বিংটন ডিচিত আজি সন্ধিয়া ৬বজালৈকে কাৰ্ফিউ দিয়া হৈছে।
- News18 Assam
- Last Updated: January 7, 2021, 11:29 AM IST
উল্লেখ্য যে, আমেৰিকাৰ নিৰ্বাচনত ডেম’ক্ৰেট প্ৰাৰ্থী জ’ বাইডেনে ৩০৬ আৰু ট্ৰাম্পে ২৩২ ভোট পায়। ফলাফল স্পষ্ট হোৱাৰ পিছতো ট্ৰাম্পে পৰাজয় স্বীকাৰ নকৰে। তেওঁৰ অভিযোগ যে ভোটিঙৰ আৰু গণনাৰ সময়ত বৃহৎ হাৰত গণ্ডগোল হৈছে। ইয়াৰ কাৰণে কেবাখনো ৰাজ্যত গোচৰ ৰুজু কৰা হয়। বেছিভাগ ঠাইতে ট্ৰাম্পৰ সমৰ্থকৰ আপীল খাৰিজ হয়। দুটা গোচৰত ছুপ্ৰীম ক’ৰ্টেও তেওঁলোকৰ আৱেদন খাৰিজ কৰে।
১০টা পইণ্টত জানক কি হৈছিল? কেনেকৈ বিয়পিল হিংসা?
২) নেচনেল গাৰ্ড আৰু আৰক্ষীয়ে কিবা বুজোৱাৰ আগতেই একাংশ মানুহ সংসদ চৌহদত প্ৰৱেশ কৰে। ইউএছ কেপিটল আৰু কংগ্ৰেছৰ বাহিৰত বৃহৎ হাৰত লণ্ড–ভণ্ড আৰু ধ্বংসলীলা আৰম্ভ হয়। হিংসা হয় আৰু গুলী চলে, কোনে চলালে সেয়া স্পষ্ট নহয়।
৩) ঘটনাৰ পিছত ডিচিত উপস্থিত ইউএছ আৰ্মীৰ বিশেষ ইউনিটক মাতি পঠিওৱা হয়। মাত্ৰ ২০মিনিটতে ম’ৰ্চা চম্ভালি লয় আৰ্মীয়ে। মুঠ ১১০০ স্পেচিয়াল গাৰ্ডচ এতিয়াও কেপিটল হিলৰ বাহিৰত পহৰাৰত। ৰাজধানীত কাৰ্ফিউ দিয়া হৈছে।
৪) আমেৰিকাৰ সংসদত হিংসাৰ পিছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি দিয়া হৈছে। নিউয়ৰ্কৰ মেয়ৰে ১০০০ নেচনেল গাৰ্ডচ সুৰক্ষাৰ কাৰণে পঠিয়াইছে। নিউয়ৰ্কৰ মেয়ৰৰ আদেশৰ পিছতে এই নেচনেল গাৰ্ডসকল ৱাশ্বিংটন ডিচিলৈ যোৱাৰ কথা।
৬) আমেৰিকাৰ সংসদত ট্ৰাম্প সমৰ্থকৰ বিক্ষোভৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কেইবাজনো ঘনিষ্ঠই পদত্যাগ কৰাৰ খবৰ আহিছে। হোৱাইট হাউছৰ প্ৰেছ চেক্ৰেটেৰী আৰু ছচিয়েল ছেক্ৰেটাৰীয়ে পদত্যাগ কৰিছে।
৭) আমেৰিকাত ট্ৰাম্প সমৰ্থক উগ্ৰ প্ৰদৰ্শনৰ পিছত হোৱাইট হাউছ আৰু কেপিটল হিলছত ভালকৈ হুলস্থুল হয়। ইয়াৰ পিছতে টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামে ট্ৰাম্পৰ একাউণ্ট ব্লক কৰি দিয়ে। লগতে কিছু টুইট আৰু ভিডিও আঁতৰাই দিয়ে। টুইটাৰে ১২ ঘণ্টা আৰু ইনষ্টাগ্ৰামে ২৪ঘণ্টালৈ ড’নাল্ড ট্ৰাম্পৰ একাউণ্ট চাচপেণ্ড কৰে।
৮) আমেৰিকাৰ সংসদত হোৱা হিংসাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিবৃতি দিছে। মোদীয়ে টুইট কৰিছে, ' ৱাশ্বিংটন ডিচিত হোৱা সংঘৰ্ষ আৰু হিংসাক লৈ ব্যথিত। শান্তিপূৰ্ণভাৱে ক্ষমতাৰ হস্তান্তৰকৰণ হ’ব লাগে গণতান্ত্ৰিক প্ৰক্ৰিয়াক বেআইনীভাৱে প্ৰভাৱিত কৰিব পৰা নাযায়।
৯) আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি বাৰাক অবামাই হিংসাত্মক ঘটনাক লৈ কয়, ‘ইতিহাসে আজিৰ দিনটো মনত ৰাখিব। এজন ৰাষ্ট্ৰপতিয়ে কেনেকৈ নিজৰ জেদ আৰু মিছা দাবীৰে পদত অধীনস্থ হৈ থাকিবলৈ বেআইনী পদ্ধতি গ্ৰহণ কৰিছে। এই মুহূৰ্তটো আমেৰিকাৰ কাৰণে লজ্জা আৰু ঘোৰ অপমানদায়ক।'
১০) আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক সংবিধানৰ পঞ্চম সংশোধনীৰ জৰিয়তে আজিয়ে আঁতৰোৱা হ’ব পাৰে। আমেৰিকাৰ এটৰ্ণী জেনেৰেলে উপ ৰাষ্ট্ৰপতি মাইক পেন্সক কয় যে ২৫ সংখ্যক সংশোধনীৰ জৰিয়তে ট্ৰাম্পক আঁতৰোৱাৰ প্ৰক্ৰিয়া আজিয়ে আৰম্ভ কৰা যাওক।