ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত এইগৰাকী কিশোৰীৰ প্ৰশ্নই স্তব্ধ কৰিলে সমগ্ৰ বিশ্বক

গ্ৰেটাই কয় – আপোনালোকে ফোঁপোলা শব্দৰে আমাৰ সপোন আৰু শৈশৱ ধ্বংস কৰিছে। আজি আমি বিলুপ্তিৰ পথত আৰু আপোনালোকে পইচাৰ বিষয়ে তথা আৰ্থিক বিকাশৰ কাল্পনিক কথা কয়।

News18-Assam
Updated:September 24, 2019, 5:33 PM IST
ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত এইগৰাকী কিশোৰীৰ প্ৰশ্নই স্তব্ধ কৰিলে সমগ্ৰ বিশ্বক
গ্ৰেটাই কয় – আপোনালোকে ফোঁপোলা শব্দৰে আমাৰ সপোন আৰু শৈশৱ ধ্বংস কৰিছে। আজি আমি বিলুপ্তিৰ পথত আৰু আপোনালোকে পইচাৰ বিষয়ে তথা আৰ্থিক বিকাশৰ কাল্পনিক কথা কয়।
News18-Assam
Updated: September 24, 2019, 5:33 PM IST
ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত সোমবাৰে এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে স্তম্ভিত কৰি তুলিলে সমগ্ৰ বিশ্বৰ নেতাক। চকুত চকুপানী আৰু ক্ষোভেৰে এইগৰাকী যুৱ কাৰ্যকৰ্তাই নিজৰ ক্ষুৰধাৰ প্ৰশ্নৰে স্তব্ধ কৰি তুলিলে সমগ্ৰ বিশ্বক। ছুইডেনৰ গ্ৰেটা থানবাৰ্গে এই সন্মিলনত বিশ্ব নেতাসকলৰ ওপৰত গ্ৰীন হাউছ গেছৰ নিৰ্গমনৰ পৰা ৰক্ষা পোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ তোলে। লগতে যুৱ প্ৰজন্মক প্ৰতাৰণা কৰাৰো অভিযোগ তোলে গ্ৰেটাই।

জলবায়ু কৰ্মী গ্ৰেটাই নিজৰ ভাষণত কয় – আপোনালোকে আমাক অসফল কৰি পেলালে। যুৱ প্ৰজন্মৰ চকু আপোনালোকৰ ওপৰত আছে আৰু যদি আপোনালোকে আমাক অসফল কৰে তেন্তে আমি আপোনালোকক কেতিয়াও ক্ষমা নকৰিম। বিশ্ব এতিয়া জাগ্ৰত হৈছে আৰু পৰিৱৰ্তন হ’বলৈ গৈ আছে, সেয়া লাগিলে আপোনালোকৰ পছন্দ হওক বা নহওক।

গ্ৰেটাই কয় – আপোনালোকে ফোঁপোলা শব্দৰে আমাৰ সপোন আৰু শৈশৱ ধ্বংস কৰিছে। মানুহ মৰি আছে, সম্পূৰ্ণ পৰিস্থিতি তন্ত্ৰ ধ্বংস হৈ আছে। আমি এক বিশাল বিলুপ্তিৰ দিশে আৰু আপোনালোকে পইচাৰ বিষয়ে তথা আৰ্থিক বিকাশৰ কাল্পনিক কথা কয়। আপোনালোকে এয়া ক’বলৈ সাহস কেনেকৈ কৰিলে?

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি