মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»আমেৰিকাবাসীৰ বাবে সকাহ! কোভিড ভেকচিনৰ ড'জ গ্ৰহণ কৰাসকলক মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰাৰ অনুমতি

আমেৰিকাবাসীৰ বাবে সকাহ! কোভিড ভেকচিনৰ ড'জ গ্ৰহণ কৰাসকলক মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰাৰ অনুমতি

News18 Assam | News18-Assam
Updated:May 14, 2021, 12:33 PM IST
আমেৰিকাবাসীৰ বাবে সকাহ! কোভিড ভেকচিনৰ ড'জ গ্ৰহণ কৰাসকলক মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰাৰ অনুমতি
কোৰোণাৰ প্ৰথম ঢৌৰ সময়তে সৰ্বাধিক সংখ্যক কোৰোণা সংক্ৰমিত ৰোগীৰ সৈতে বিশ্বৰ ভিতৰতে শীৰ্ষত স্থানত আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ।

কোৰোণাৰ প্ৰথম ঢৌৰ সময়তে সৰ্বাধিক সংখ্যক কোৰোণা সংক্ৰমিত ৰোগীৰ সৈতে বিশ্বৰ ভিতৰতে শীৰ্ষত স্থানত আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ।

  • Share this:
ভাৰতত কোৰোণাৰ বিভীষিকা অব্যাহত থকাৰ লগতে সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে কোৰোণা সংক্ৰমণৰ ঘটনা। বিশ্বত কোৰোণা সংক্ৰমিত ৰোগীৰ সংখ্যাই ১৬ কোটিৰ ঘৰ অতিক্ৰম কৰাৰ সময়তে এতিয়া বিশ্বৰ সৰ্বাধিক কোৰোণা সংক্ৰমিত দেশ আমেৰিকাই এই ভাইৰাছৰ পৰা সকাহ লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ সৰ্বশক্তিমাান দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই ভেকচিনক লৈ কৰা এক বিশেষ দাবীয়ে দিছে এই ইংগিত। দেশখনৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, আমেৰিকাৰ যিসকল বাসিন্দাই কোভিড ভেকচিনৰ দুয়োটা ড'জ গ্ৰহণ কৰিছে, তেওঁলোকক এই ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত হিচাপে বিবেচিত কৰা হৈছে। সেয়েহে যিসকলে কোভিড ভেকচিনৰ দুয়োটা ড'জ গ্ৰহণ কৰিছে তেওঁলোকে এতিয়াৰে পৰা মাস্ক আৰু সামাজিক দূৰত্ব অনুসৰণ নকৰাকৈয়ে সাধাৰণ জীৱন-যাপনৰ লগতে সকলো কাৰ্যকলাপ পুনৰ আৰম্ভ কৰিব পাৰিব।

ইপিনে ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ সৈতে একে স্থানত অৱস্থান কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনেও কয় যে আমেৰিকাত বাস কৰা নাগৰিকে কোভিড ভেকচিনৰ দুয়োটা ড'জ গ্ৰহণৰ পিছত আৰু মাস্ক পৰিধান কৰাৰ প্ৰয়োজন নাই। বাইডেনে লগতে কয়, "আজিৰ দিনটো আমাৰ বাবে এটা মহান দিন। এবছৰৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ পিছত আমি এতিয়া মাস্ক মুক্ত হোৱাৰ দিশে আগবাঢ়িছো। মই ক'ম যে আমাৰ নিয়ম এতিয়াৰে পৰা তেনেই সাধাৰণ, হয় আপুনি ভেকচিনৰ ড'জ গ্ৰহণ কৰক অথবা সদায়ে মাস্ক পৰিধান কৰক।"

উল্লেখ্য যে, কোৰোণাৰ প্ৰথম ঢৌৰ সময়তে সৰ্বাধিক সংখ্যক কোৰোণা সংক্ৰমিত ৰোগীৰ সৈতে বিশ্বৰ ভিতৰতে শীৰ্ষত স্থানত আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ। দেশখনত এতিয়ালৈকে ৩ কোটি ৩৬ লাখৰো অধিক কোৰোণা সংক্ৰমিত ঘটনা পোহৰলৈ অহাৰ লগতে মৃত্যু হৈছে ৫.৯৪ লাখ কোৰোণা ৰোগীৰ। আনহাতে বৰ্তমানেও আমেৰিকা যুক্তৰাষ্ট্ৰত ৬৩ লাখৰো অধিক সক্ৰিয় কোৰোণা ৰোগী চিকিৎসাধীন হৈ আছে। দেশখনত বৰ্তমানলৈ ২ কোটি ৬৬ লাখৰো অধিক সংক্ৰমিত লোক সুস্থ হৈ উঠিছে।

কোৰোণা ভয়াৱহ সময়ৰ মাজতে আন দেশৰ দৰেই আমেৰিকাতো কোৰোণা সংক্ৰমণ প্ৰতিহত কৰিবলৈ মাস্ক পৰিধান কৰা আৰু ৰাজহুৱা স্থানত ৬ ফুট সামাজিক দূৰত্ব অনুসৰণ কৰাৰ নিৰ্দেশনা বাধ্যতামূলক কৰা হৈছিল।
Published by: Sanjay Kumar Das
First published: May 14, 2021, 12:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি