உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Covaxinক বাধা আমেৰিকাৰ! জৰুৰীকালীন ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয় ভেকচিনটোক কিয় নিদিলে অনুমতি?

    Covaxinক বাধা আমেৰিকাৰ! জৰুৰীকালীন ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয় ভেকচিনটোক কিয় নিদিলে অনুমতি?

    বৰ্তমান কোভাক্সিন হৈছে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ থলুৱা ভেকচিন।

    বৰ্তমান কোভাক্সিন হৈছে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ থলুৱা ভেকচিন।

    বৰ্তমান কোভাক্সিন হৈছে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ থলুৱা ভেকচিন।

    • Share this:
    ভাৰত বায়'টেকৰ কোৰোণা ভেকচিন 'কোভাক্সিন'ৰ (Covaxin) প্ৰয়োগত বাধা। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ভেকচিনটো জৰুৰীকালীনভাৱে (EUA)ব্যৱহাৰৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। সম্পূৰ্ণ তথ্যৰ অভাৱৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ নিয়ন্ত্ৰকে (FDA) কোভাক্সিনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰ অকুজেন ইনক ভাৰতীয় ভেকচিন ব্যৱহাৰৰ বাবে অনুমোদন প্ৰাপ্ত কৰাৰ বাবে অধিক তথ্যৰ সৈতে জৈৱিক অনুজ্ঞা পত্ৰ আবেদনৰ (BLA) অধীনত পুনৰ আবেদন কৰিবলৈ পৰামৰ্শ দিছে। উল্লেখ্য যে, বৰ্তমান কোভাক্সিন হৈছে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ থলুৱা ভেকচিন।

    অকুজেনে বৃহস্পতিবাৰে এক বিবৃতিত কৈছিল যে ই এফডিএৰ (FDA) পৰামৰ্শ অনুসৰি ভেকচিনটোৰ বাবে বিএলএ (BLA) দাখিল কৰিব। বিএলএ হৈছে এফডিএৰ 'সম্পূৰ্ণ অনুমোদন' ব্যৱস্থা যাৰ অধীনত ঔষধ আৰু ভেকচিন অনুমোদিত হয়। এনে পৰিস্থিতিত ভেকচিনে অনুমোদন পাবলৈ অধিক সময় ল'ব পাৰে। অকুজেনে কৈছিল, 'কোম্পানীটোৱে এতিয়া ভেকচিনটো জৰুৰীকালীন অৱস্থাত ব্যৱহাৰৰ অনুমতি লোৱাৰ চেষ্টা নকৰিব। ইয়াৰ লগতে কিছু অতিৰিক্ত কথা আৰু তথ্যৰ বাবে অনুৰোধ কৰা হৈছে।'

    ভেকচিনটোত কিবা অভাৱ আছে নেকি?

    আমেৰিকা যুক্তৰাষ্ট্ৰত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন নোপোৱাৰ অৰ্থ এইটো নহয় যে ভেকচিনটোত কোনো অভাৱ আছে। বৰঞ্চ আমেৰিকা যুক্তৰাষ্ট্ৰৰ FDAয়ে ভেকচিন পৰীক্ষণৰ পৰা আৰু কিছু ফলাফল চাব বিচাৰে। উদাহৰণ স্বৰূপে, FDAয়ে জানিব বিচাৰে যে এই ভেকচিনটো কিমান সুৰক্ষিত আৰু কাৰ্যকৰী। এই মুহূৰ্তত ক'ব লাগিব যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰাও কোভাক্সিনে বৰ্তমানলৈকে অনুমোদন লাভ কৰা নাই।

    আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ কৰা হ'ব ভেকচিন -

    অকুজেনৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহঃ প্ৰতিষ্ঠাপক শংকৰ মুছুনুৰীয়ে কৈছে - "যদিও আমি আমাৰ EUA আবেদন চূড়ান্ত কৰাৰ অতি শেষ পৰ্যায়ত আছিলো, FDAয়ে আমাক BLAৰ জৰিয়তে অনুৰোধ কৰিবলৈ পৰামৰ্শ দিছে। এনেদৰে বহু সময় লাগিব, কিন্তু আমি কোভাক্সিন আমেৰিকা যুক্তৰাষ্ট্ৰত দিয়াৰ বাবে প্ৰতিজ্ঞাবদ্ধ।'

    তথ্যৰ বাবে অপেক্ষা কৰি আছে ভাৰত বায়'টেকে -

    ভাৰত বায়'টেকে ইয়াৰ কোভিড-১৯ ভেকচিন কোভাক্সিনৰ পৰ্যায় ৩ৰ তথ্য বৈজ্ঞানিক আলোচনীবোৰক দিয়াৰ পিছত দুইৰ পৰা চাৰি মাহৰ ভিতৰত ভেকচিন বিশেষজ্ঞসকলৰ দ্বাৰা এক সমীক্ষা (Pure reveiw)আশা কৰি আছে। ভাৰত বায়'টেকৰ কোভিড-১৯ ভেকচিনৰ প্ৰকল্পৰ মুৰব্বী ৰেচেছ ইলাই এই তথ্য উল্লেখ কৰে। কোম্পানীটোৱে এতিয়ালৈকে এই ভেকচিনৰ তথ্য ৰাজহুৱা কৰা নাই।
    Published by:Sanjay Kumar Das
    First published: