এই কাৰ্যসূচীত ৫০ হাজাৰতকৈ অধিক লোকে মোদী আৰু ট্ৰাম্পৰ ভাষণ শুনিব।
এই কাৰ্যসূচীত ৫০ হাজাৰতকৈ অধিক লোকে মোদী আৰু ট্ৰাম্পৰ ভাষণ শুনিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হিউষ্টনত অনুষ্ঠিত হোৱা কাৰ্যসূচীত ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই কাৰ্যসূচীত ভাগ লোৱাৰ ফলত দুগুণে বৃদ্ধি পাব গুৰুত্ব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে হিউষ্টনত উপস্থিত হৈছে ড’নাল্ড ট্ৰাম্প। হাউডী মোদী অনুষ্ঠানত ১০০ মিনিট সময় থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। কাৰ্যসূচীত ৩০ মিনিটজোৰা ভাষণ প্ৰদান কৰিব ট্ৰাম্পে।
এই কাৰ্যসূচীত ৫০ হাজাৰতকৈ অধিক লোকে মোদী আৰু ট্ৰাম্পৰ ভাষণ শুনিব। হাউডী মোদী অনুষ্ঠানত ভাৰত আৰু আমেৰিকাত থকা ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ট্ৰাম্পে। আমেৰিকাই জাৰি কৰা কাৰ্যসূচী অনুসৰি ট্ৰাম্পে এন আৰ জি ষ্টেডিয়ামত প্ৰায় ১০০ মিনিট সময় থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদী সপ্তাহজোৰা আমেৰিকা ভ্ৰমণত আছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|