মাটি বৃহৎ গাঁত, তেজেৰে লুতুৰি–পুতুৰি কাপোৰৰ টুকুৰা, ইৰাকী টিভিয়ে দেখুৱালে বাগদাদীৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ ভিডিঅ’

টিভি ৰিপ’ৰ্টত দাবী কৰা হৈছে যে আমেৰিকাৰ আক্ৰমণত বাগদাদীৰ মৃত্যু হৈছে আৰু ভিডিঅ’ত দেখা যোৱা কাপোৰ বাগদাদীৰ।

News18-Assam
Updated:October 28, 2019, 8:03 AM IST
মাটি বৃহৎ গাঁত, তেজেৰে লুতুৰি–পুতুৰি কাপোৰৰ টুকুৰা, ইৰাকী টিভিয়ে দেখুৱালে বাগদাদীৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ ভিডিঅ’
টিভি ৰিপ’ৰ্টত দাবী কৰা হৈছে যে আমেৰিকাৰ আক্ৰমণত বাগদাদীৰ মৃত্যু হৈছে আৰু ভিডিঅ’ত দেখা যোৱা কাপোৰ বাগদাদীৰ।
News18-Assam
Updated: October 28, 2019, 8:03 AM IST
আমেৰিকান সেনাৰ আক্ৰমণত ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইফালে ইৰাকৰ চৰকাৰী টেলিভিছন চেনেলেও দেওবাৰে বাগদাদীৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ এক ভিডিঅ’ জাৰি কৰিছে। এই ভিডিঅ’টোত বোমাৰে আক্ৰমণৰ ফলত মাটিত হোৱা বৃহৎ গাঁত দেখা গৈছে। গাঁতৰ ওচৰত তেজেৰে লুতুৰু–পুতুৰি হৈ থকা কাপোৰৰ টুকুৰা দেখা গৈছে। টিভি ৰিপ’ৰ্টত দাবী কৰা হৈছে যে আমেৰিকাৰ আক্ৰমণত বাগদাদীৰ মৃত্যু হৈছে আৰু ভিডিঅ’ত দেখা যোৱা কাপোৰ বাগদাদীৰ।

ভিডিঅ’ত সেই স্থানো দেখুওৱা হৈছে য’ত আমেৰিকান সেনাই বোমা বৰ্ষণ কৰিছিল। এই ভিডিঅ’ দিনৰ ভাগৰ। আমেৰিকাৰ এজন জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়া আৰু আন এক সূত্ৰৰ আঁত ধৰি CNNৰ ৰিপ’ৰ্টত কোৱা হৈছে যে বাগদাদীৰ মৃত্যু এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে ডিএনএ আৰু বায়’মেট্ৰিক তদন্ত সম্পূৰ্ণ হৈছে। এগৰাকী প্ৰতিৰক্ষা বিষয়াই কৈছে যে সেনাৰ আক্ৰমণৰ সময়ত বাগদাদীয়ে নিজকে উৰুৱাই দিয়ে।

নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এগৰাকী আমেৰিকান বিষয়াই ৰয়টাৰ্ছৰ আগত কয় যে বাগদাদীক নিশাৰ ভাগত লক্ষ্য কৰি লোৱা হৈছিল, কিন্তু এতিয়াও নিশ্চিত হোৱা নাই যে সেই অভিযান সফল হৈছেনে নাই।

অৱশ্যে দুই ইৰাকী সূত্ৰ আৰু ইৰাণী বিষয়াই কয় যে ছিৰিয়াৰ পৰা বাগদাদীৰ মৃত্যুৰ নিশ্চিত খবৰ লাভ কৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি