বিল গেটছৰ বিবাহ বিচ্ছেদ! ২৭ বছৰীয়া বৈবাহিক জীৱনৰ অন্তত পত্নী মেলিণ্ডাৰ সৈতে বিবাহ বিচ্ছেদ গেটছৰ

News18 Assam | News18-Assam
Updated:May 4, 2021, 11:31 AM IST
বিল গেটছৰ বিবাহ বিচ্ছেদ! ২৭ বছৰীয়া বৈবাহিক জীৱনৰ অন্তত পত্নী মেলিণ্ডাৰ সৈতে বিবাহ বিচ্ছেদ গেটছৰ
বিল গেটছ আৰু তেওঁৰ পত্নী মেলিণ্ডা গেটছে প্ৰথমবাৰৰ বাবে ১৯৮৭ চনত ইজনে আনজনক লগ পাইছিল।

বিল গেটছ আৰু তেওঁৰ পত্নী মেলিণ্ডা গেটছে প্ৰথমবাৰৰ বাবে ১৯৮৭ চনত ইজনে আনজনক লগ পাইছিল।

  • Share this:
২৭টা বছৰে পত্নী মেলিণ্ডা গেটছৰ সৈতে সুখী বৈবাহিক জীৱন যাপনৰ অন্তত শেহতীয়াকৈ মেলিণ্ডাৰ সৈতে বিবাহ বিচ্ছেদ কৰিলে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে। গেটছ দম্পতীয়ে এটা যুটীয়া বিবৃতি জাৰি কৰি জনায় যে তেওঁলোকে আৰু একেলগে থাকিব নোৱাৰে। যাৰ বাবে তেওঁলোকে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে।

ইপিনে বিল গেটছে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত বিবাহ বিচ্ছেদৰ ওপৰত এটা টুইট শ্বেয়াৰ কৰিছে। য'ত কোৱা হৈছে, 'দীঘলীয়া আলোচনা আৰু আমাৰ সম্পৰ্কৰ ওপৰত বহু কাম কৰাৰ পিছত আমি আমাৰ বিবাহ বিচ্ছেদ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছো। বিগত ২৭টা বছৰত আমি আমাৰ তিনিটাকৈ সন্তানক ডাঙৰ-দীঘল কৰিলো। আমি একেলগে এটা সংগঠনো বনালো, যিয়ে বিশ্বজুৰি মানুহৰ স্বাস্থ্য আৰু সুৰক্ষিত জীৱনৰ বাবে কাম কৰে। আমি এই সংগঠনৰ ওপৰত সদায়েই বিশ্বাস ৰাখিম আৰু একেলগে ইয়াৰ বাবে কাম কৰিম। কিন্তু আমি এক দম্পতী হিচাপে একেলগে যে আৰু থাকিব পাৰিম, সেয়া নহ'ব। এই নতুন জীৱন আৰম্ভ কৰিবলৈ আমি আমাৰ পৰিয়ালৰ বাবে এক বিশেষ স্থান আৰু গোপনীয়তা বিচাৰিছো। '

বিল গেটছ আৰু তেওঁৰ পত্নী মেলিণ্ডা গেটছে প্ৰথমবাৰৰ বাবে ১৯৮৭ চনত ইজনে আনজনক লগ পাইছিল। সেই সময়ত মেলিণ্ডাই মাইক্ৰছফ্টত প্ৰডাক্ট মেনেজাৰ হিচাপে কাম কৰা আৰম্ভ কৰিছিল। ইয়াৰ পিছত দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত দুয়ো ১৯৯৪ চনত হাৱাইৰ লানি দ্বীপত বিবাহপাশত আৱদ্ধ হৈছিল। কোৱা হয় যে সেই সময়ত ভিৰ হ্ৰাস কৰিবলৈ বিল গেটছে সকলো হেলিকপ্টাৰ ভাড়ালৈ লৈছিল।

উল্লেখ্য যে, বিগত বছৰ মাইক্ৰছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছৰ পিতৃ বিল গেটছ ছিনিয়ৰৰ মৃত্যু হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। পৰিয়ালটোৱে জাৰি কৰা এক বিবৃতিত কৈছিল যে তেওঁলোক দীৰ্ঘদিন ধৰি আলঝেইমাৰত ভুগি আছিল।
Published by: Sanjay Kumar Das
First published: May 4, 2021, 11:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি