এটা ই–মেইলে জোকাৰিছে বিশ্ব! কোৰোণাৰ প্ৰাৰম্ভিক কালত চীনা চিকিৎসকৰে বাৰ্তালাপ আমেৰিকান বিশেষজ্ঞৰ, ৮৬৬ পৃষ্ঠাৰ লিক হোৱা ই–মেইলত কি আছে?

News18 Assam | News18-Assam
Updated:June 4, 2021, 12:10 PM IST
এটা ই–মেইলে জোকাৰিছে বিশ্ব! কোৰোণাৰ প্ৰাৰম্ভিক কালত চীনা চিকিৎসকৰে বাৰ্তালাপ আমেৰিকান বিশেষজ্ঞৰ, ৮৬৬ পৃষ্ঠাৰ লিক হোৱা ই–মেইলত কি আছে?
ড০ এন্থনী ফাউচি (Reuters)

বিয়পি পৰা এই ই–মেইলৰ তথ্য অনুসৰি ড০ ফাউচিয়ে কোৰোণা সংক্ৰমণৰ প্ৰাৰম্ভিকৰ মাহত চীনা বিজ্ঞানীৰ সৈতে যোগাযোগ অথবা সম্পৰ্কত আছিল।

  • Share this:
কোৰোণা ভাইৰাছৰ উৎপত্তিক লৈ বৰ্তমানেও অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া। বিশ্বজুৰি চলি থকা কোৰোণাৰ উৎপত্তি সম্বন্ধীয় বিতৰ্কৰ মাজতে আহিছে আন এটা নতুন বিতৰ্ক। আমেৰিকান সংবাদ মাধ্যমৰ হাতত আমেৰিকাৰ শীৰ্ষ মহামাৰী বিশেষজ্ঞ ড০ এন্থনী ফাউচি (Dr. Anthony Fauci)ৰ এটা বিশেষ ইমেইল (EMAIL)আছে, যিটো ই–মেইলৰ বাৰ্তাই উন্মোচন কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য। বিয়পি পৰা এই ই–মেইলৰ তথ্য অনুসৰি ড০ ফাউচিয়ে কোৰোণা সংক্ৰমণৰ প্ৰাৰম্ভিকৰ মাহত চীনা বিজ্ঞানীৰ সৈতে যোগাযোগ অথবা সম্পৰ্কত আছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকালৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ শীৰ্ষ স্বাস্থ্য উপদেষ্টা আছিল ড০ এন্থনী ফাউচি। এনে পৰিস্থিতিত চীনা বিজ্ঞানীৰ সৈতে তেওঁৰ সম্পৰ্কই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'ৱাশ্বিংটন পোষ্টে' ৮৬৬ পৃষ্ঠাৰ এটা লিক হোৱা ইমেইল লাভ কৰিছে। এই ইমেইলটো ২৮ মাৰ্চ, ২০২০ত চীনা ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ সঞ্চালক জৰ্জ গাৱে ড০ ফাউচিলৈ প্ৰেৰণ কৰিছিল। এই মেইলত গাৱে আমেৰিকা যুক্তৰাষ্ট্ৰই দেশৰ লোকসকলক মাস্ক পিন্ধিবলৈ উৎসাহিত নকৰাৰ বিষয়টো সমালোচনা কৰি ড০ ফাউচিৰ পৰা ক্ষমা বিচাৰিছিল। উল্লেখ্য যে, গাৱে পূৰ্বে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ লোকসকলক মাস্ক পিন্ধিবলৈ নোকোৱা বিষয়টো এটা ডাঙৰ ভুল।

চীনা বিজ্ঞানী গাৱে এইদৰে লিখিছিল যে, 'মই কেনেকৈ আনৰ বিষয়ে 'ডাঙৰ ভুল'ৰ দৰে এটা শব্দ ব্যৱহাৰ কৰিব পাৰোঁ? এইটো মোৰ কথা নহয় কিন্তু মিডিয়াই সৃষ্টি কৰা এটা শব্দ। আশা কৰোঁ আপুনি বুজি পাইছে। আহক পৃথিৱীৰ পৰা এই ভাইৰাছটো উলিয়াবলৈ একেলগে কাম কৰোঁ।' এই ইমেইলৰ উত্তৰত ড০ ফাউচিয়ে লিখিছিল, 'মই সম্পূৰ্ণৰূপে বুজি পাইছো। এইক্ষেত্ৰত কোনো সমস্যা নাই। আমি একেলগে এই লক্ষ্য প্ৰাপ্ত কৰিম।'

ৱাশ্বিংটন পোষ্টে দাবী কৰিছে যে এইটো মাৰ্চ-এপ্ৰিল ২০২০ত গাৱ আৰু ফাউচিৰ ই–মেইলৰ ৮৬৬ পৃষ্ঠাৰ ভিতৰত মাত্ৰ এটা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ৰিডম অৱ ইনফৰ্মেশ্বন আইনৰ অধীনত এই সংবাদ মাধ্যমটোৰ পৰা বিশেষ পত্ৰখন প্ৰাপ্ত কৰা হৈছে। বিয়পি পৰা ই–মেইলটোত ড০ ফাউচিয়ে বিল আৰু মিলিণ্ডা গেটছ ফাউণ্ডেচনৰ এজন কাৰ্যবাহীৰ সৈতেও বাৰ্তালাপ কৰিছিল। যাৰ পিছত এই বিতৰ্কৰ মাজত বিল গেটছৰ নামো অন্তৰ্ভুক্ত হৈ পৰিছে। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে পূৰ্বে অক্সফ’ৰ্ড কোভিড ভেকচিনক লৈ উত্থাপিত হৈছিল অভিযোগ।

কাৰ্যবাহীজনে পিছত গেটছৰ উপদেষ্টা এমেলিঅ' আমিনিৰ সৈতে হোৱা বাৰ্তালাপত ড০ ফাউচিৰ স্বাস্থ্যৰ বিষয়ে উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰিছিল। আমিনিয়ে ২ এপ্ৰিল, ২০২০ তাৰিখে এটা ই–মেইলত লিখিছিল যে মই আপোনাক প্ৰায় প্ৰতিদিনেই টিভিত দেখা পাওঁ। আপোনাৰ যথেষ্ট শক্তি আছে, মই আপোনাৰ বিষয়ে অত্যন্ত চিন্তিত। ৰাষ্ট্ৰ আৰু বিশ্বক আপোনাৰ নেতৃত্বৰ প্ৰয়োজন আছে। এই ই–মেইলটো পোৱাৰ পিছদিনা পুৱাই ফাউচিয়ে উত্তৰ দিছিল যে মোৰ বৰ্তমানৰ পৰিস্থিতিত যিমান সম্ভৱ হ'ব সিমানেই সংযুক্ত কৰিবলৈ চেষ্টা কৰিম।

উল্লেখ্য যে, ড০ ফাউচিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে সম্পৰ্ক ভাল নাছিল। সেয়ে ট্ৰাম্পে কেইবাবাৰো ফাউচিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। কাৰ্যকালৰ অন্তিম সময়ত ট্ৰাম্পে ৰাজহুৱাভাৱে ফাউচিক বৰ্খাস্ত কৰাৰ কথা উল্লেখ কৰিছিল। ট্ৰাম্পৰ নিৰ্বাচনী সমদলসমূহত ফাউচিক বৰ্খাস্ত কৰাৰ শ্ল'গান দিছিল। কিন্তু ৰাজনৈতিক পৰিস্থিতিৰ বাবে ট্ৰাম্পে ফাউচিক বৰ্খাস্ত কৰিব পৰা নাছিল।
Published by: Sanjay Kumar Das
First published: June 4, 2021, 12:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি