Covid-19 Vaccine: বিশ্বৰ ৯২খন দেশলৈ ৫০ কোটি ভেকচিন যোগান ধৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই

News18 Assam | News18-Assam
Updated:June 10, 2021, 1:04 PM IST
Covid-19 Vaccine: বিশ্বৰ ৯২খন দেশলৈ ৫০ কোটি ভেকচিন যোগান ধৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই
ৰাষ্ট্ৰপতি জ' বাইডেনে বৃহস্পতিবাৰে গ্ৰুপ ছেভেন শীৰ্ষক সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে এক ভাষণত এই কথা ঘোষণা কৰিব।

ৰাষ্ট্ৰপতি জ' বাইডেনে বৃহস্পতিবাৰে গ্ৰুপ ছেভেন শীৰ্ষক সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে এক ভাষণত এই কথা ঘোষণা কৰিব।

  • Share this:
কোৰোণাৰ দ্বিতীয় ঢৌৰ ত্ৰাসক লৈ বৰ্তমানেও ত্ৰস্তমান হৈ আছে সমগ্ৰ বিশ্ব। যাৰ বাবে কোভিড ভেকচিনক লৈ আশাবাদী হৈ পৰিছে। ইয়াৰ মাজতে মহাশক্তিধৰ আমেৰিকাৰ পৰা আহিছে এটা ভাল খবৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই ৫০ কোটি ভেকচিন দান কৰিব বিশ্বৰ ৯২খন দেশক, যিয়ে সকাহ দিব এই দেশকেইখনক। কোভেক্স (COVAX) মিত্ৰতাৰ জৰিয়তে দৰিদ্ৰ দেশসমূহক প্ৰদান কৰা হ'ব এই ভেকচিন। ইয়াৰ উপৰি, ভেকচিনবোৰ আফ্ৰিকান সংঘক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। ইয়াৰ বাবে আমেৰিকা যুক্তৰাজ্যই ফাইজাৰ ভেকচিনৰ ৫০ কোটি ড'জ ক্ৰয় কৰিব।

খবৰ অনুসৰি, ৰাষ্ট্ৰপতি জ' বাইডেনে বৃহস্পতিবাৰে গ্ৰুপ ছেভেন শীৰ্ষক সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে এক ভাষণত এই কথা ঘোষণা কৰিব। চলিত বছৰত ভেকচিনৰ ২০ কোটি ড'জ যোগান ধৰা হ'ব আনহাতে বাকী ড'জবোৰ ২০২২ চনৰ প্ৰথম ছয় মাহৰ ভিতৰত প্ৰদান কৰা হ'ব।

আমেৰিকাই প্ৰস্তুত কৰি আছে পৰিকল্পনা -

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে বুধবাৰে সাংবাদিকক জনায় যে ৰাষ্ট্ৰপতি বাইডেনে ভেকচিন ভাগ বতৰা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, কিয়নো ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনস্বাস্থ্য আৰু কৌশলগত স্বাৰ্থৰ বাবে ভাল। আমেৰিকা যুক্তৰাষ্ট্ৰই ভেকচিন শ্বেয়াৰ কৰাৰ বাবে এক বিশ্বব্যাপী পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে কিছু চাপৰো সন্মুখীন হ'বলগীয়া হৈছে।

চলিত মাহত ৮ কোটি ভেকচিনৰ অনুমান -

সামগ্ৰিকভাৱে হোৱাইট হাউছে জুনৰ শেষৰ ফালে বিশ্বজুৰি ৮ কোটি ভেকছিনৰ ড'জ শ্বেয়াৰ কৰাৰ কথা ঘোষণা কৰিছে, যাৰ বেছিভাগ কোভেক্সৰ জৰিয়তে দিয়া হ'ব।

উল্লেখ্য যে, কোৰোণাৰ দ্বিতীয় ঢৌৰ কবলত পৰা বিশ্বৰ আন দেশসমূহৰ লগতে ভাৰততো সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতি। কোভিডৰ লগতে ব্লেক ফাংগাছৰ আতংকয়ো ত্ৰস্তমান কৰি ৰাখিছে ভাৰতক। আনফালে দেশৰ ১৮ বছৰ উৰ্ধ্বৰ সকলো লোককে ভেকচিন প্ৰদানৰ পিছতে ভেকচিনৰ নাটনি হৈছে ভাৰতত। যাৰ বাবে ভিন্ন ৰাজ্যই ২১ কোটি ভেকচিন ড'জৰ বাবে নিবিদা প্ৰেৰণ কৰা দেখা গৈছিল।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 1:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি