আফগানিস্তানৰ (Afghanistan) ওপৰত তালিবানৰ নিয়ন্ত্ৰৰ পিছত অল কায়দা (Al-qaeda)ই পুনৰ মূৰ দাঙি উঠিব পাৰে। আমেৰিকাৰ দুই চোৰাংচোৱা বিষয়াই সদৰি কৰিছে যে এবছৰ বা দুবছৰৰ ভিতৰত আমেৰিকাৰ ওপৰত সংঘটিত হ’ব পাৰে আক্ৰমণ। চোৰাংচোৱা কনফাৰেন্সত ডিফেন্স ইণ্টেলিজেন্স এজেন্সীৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল স্কট বেৰিয়াৰে (Lt. Gen. Scott Berrier) কয় যে এবছৰ বা দুবছৰৰ ভিতৰত সন্ত্ৰাসবাদী সংগঠন অল কায়দাই আমেৰিকাক ধমক দিবলৈ সক্ষম হৈ উঠিব।
চিআইএৰ ডেপুটী ডাইৰেক্টৰ ডেভিদ কোহেনে কয় যে আমেৰিকাই পূৰ্বেই আফগানিস্তানত অল কায়দাৰ কৰ্মকাণ্ডৰ বিষয়ে অনুসন্ধান কৰিছে। তেওঁ কয় যে এই বিষয়ে কোৱাটো টান যে তেওঁলোক কেতিয়ালৈ আক্ৰমণ কৰাৰ বাবে প্ৰস্তুত হ’ব পাৰিব। উল্লেখযোগ্য যে আমেৰিকাই আফগানিস্তান এৰাৰ পূৰ্বেও এনেধৰণৰ চোৰাংচোৱা সকীয়নি দিয়া হৈছিল।
ৰাষ্ট্ৰপতি জো বাইডেনেও আফগানিস্তান এৰাৰ সিদ্ধান্তক লৈ নিজৰ স্পষ্টীকৰণ দি স্বীকাৰ কৰিছিল যে অল কায়দা পুনৰ উভতিব। আনহাতে, চোৰাংচোৱা বিশেষজ্ঞই কেইবাবাৰো সকীয়নি দিছে যে তালিবানৰ অল কায়দাৰ সৈতে সম্পৰ্ক আছে। অৱশ্যে কোহেনে এয়া স্পষ্ট নকৰিলে যে অল কায়দাৰ সন্ত্ৰাসবাদী আফগানিস্তানলৈ উভতিছে নে নাই।
নেচনেল ইণ্টেলিজেন্সৰ ডাইৰেক্টৰ এভৰিল হেন্সে কয় যে আমেৰিকাৰ বাবে আটাইতকৈ চিন্তাৰ বিষয় বিদেশী সন্ত্ৰাসবাদী, যি য়েমেন, ছোমালিয়া, ছিৰিয়া, ইৰাক আৰু আফগানিস্তানৰ পৰা আহে। কিন্তু আমেৰিকান সেনা দুই দশক ধৰি আফগানিস্তানত থকাৰ ফলত তেওঁলোক এই তালিকাৰ তলত আছে। আমাৰ লক্ষ্য আন দেশত থকা উচিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|