স্বামীৰ পৰা বিবাহ বিচ্ছেদ লৈ মহিলাই কৰিলে আজৱ কাণ্ড! শহুৰেকৰ সৈতে পাতিলে পুনৰ বিবাহ

News18 Assam | News18-Assam
Updated:April 22, 2021, 6:37 PM IST
স্বামীৰ পৰা বিবাহ বিচ্ছেদ লৈ মহিলাই কৰিলে আজৱ কাণ্ড! শহুৰেকৰ সৈতে পাতিলে পুনৰ বিবাহ
এগৰাকী মহিলাই তেওঁৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ লোৱাৰ পিছতে পুনৰ বিবাহপাশত আবদ্ধ হ’ল ৩০ বছৰ ডাঙৰ শহুৰেকৰ সৈতে৷

এগৰাকী মহিলাই তেওঁৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ লোৱাৰ পিছতে পুনৰ বিবাহপাশত আবদ্ধ হ’ল ৩০ বছৰ ডাঙৰ শহুৰেকৰ সৈতে৷

  • Share this:
আজিৰ সময়ত বিবাহ বিচ্ছেদ হোৱাটো তেনেই সাধাৰণ হৈ পৰিছে৷ ঠিক তেনেদৰে বিচ্ছেদৰ পিছত পুনৰ বিবাহৰ ধাৰণাটোও কোনো নতুন বা ডাঙৰ কথা নহয়৷ কিন্তু ব্যতিক্ৰম হ’ল আমেৰিকাৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত৷ বিবাহ বিচ্ছেদৰ পিছতে মহিলাগৰাকীয়ে পুনৰ বিবাহপাশত আৱদ্ধ হোৱাৰ ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে সকলোতে৷

দৰাচলতে, এৰিকা কিগাল নামৰ আমেৰিকাৰ এগৰাকী মহিলা আৰু তেওঁৰ স্বামী জাষ্টিন তাভালৰ মাজত ২০১১ চনত বিবাহ বিচ্ছেদ হৈছিল, যেতিয়া তেওঁলোকৰ পুত্ৰৰ বয়স আছিল ৯ বছৰ। কিন্তু স্বামীৰ লগত বিবাহ বিচ্ছেদৰ পিছতে ৩১ বছৰীয়া এৰিকাই পুনৰ বিবাহপাশত আবদ্ধ হৈছিল নিজৰ ৬০ বছৰীয়া শহুৰেক জেফৰ সৈতে৷ এৰিকাই এই কাণ্ডই আচৰিত কৰি তুলিছিল সকলোকে৷

এৰিকা আৰু পূৰ্বৰ স্বামী জাষ্টিনৰ বিয়াৰ সময়ত এৰিকাৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। দুয়োৰে বিবাহ বিচ্ছেদৰ পিছতে অকশৰীয়া হৈ পৰা এৰিকাই নিজৰ শহুৰেক জেফৰ সৈতে প্ৰেমত পৰিছিল আৰু সেইসময়ত জেফেও এৰিকাৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিছিল৷ ফলশ্ৰুতিত দুয়োয়ে ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। বৰ্তমানে এৰিকা আৰু জেফৰ এগৰাকী ২ বছৰীয়া কন্যা সন্তানো আছে।

এই সম্পৰ্কত এৰিকাই কৈছিল যে তেওঁ জেফক ১৬ বছৰ বয়সৰ পৰাই চিনি পাইছিল। এতিয়া তেওঁলোকৰ সম্পৰ্ক নিখুঁত হৈ পৰিছে। বিবাহ বিচ্ছেদৰ পিছত এৰিকাই তেওঁৰ পুত্ৰৰ জিম্মা জাষ্টিনক দিছিল। পিছৰ পৰ্যায়ত জাষ্টিনেও পুনৰ বিবাহপাশত আবদ্ধ হোৱাৰ লগতে পূৰ্বৰ পত্নী এৰিকা আৰু পিতৃ জেফৰ সম্পৰ্কক আনন্দেৰে গ্ৰহণ কৰিছে।
Published by: Sanjay Kumar Das
First published: April 22, 2021, 6:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি