৯০ বছৰীয়া মহিলা এগৰাকীয়ে মহাবিদ্যালয়ত নামভৰ্তিৰ ৭১ বছৰ পিছত পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু ডিপ্লোমা লৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনয় ৰাজ্যৰ ডিকাল্বৰ বাসিন্দা জয়েছ ডেফাউৱে ১৯৫১ চনত নৰ্দাৰ্ণ ইলিনয় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। তেতিয়া তেওঁৰ নাম আছিল জয়েচ বৌয়েলা কেন আৰু হোম ইকনমিকছত স্নাতক হ'ব বিচাৰিছিল। কিন্তু যেতিয়া তেওঁ ডন ফ্ৰীমেনক এটা গীৰ্জাত লগ পাইছিল, সকলো পাহৰি গৈছিল আৰু তেওঁলোক দুয়োবিবাহপাশত আৱদ্ধ হৈছিল। সেই সময়লৈকে, তেওঁ চাৰে তিনি বছৰৰ শিক্ষা সম্পূৰ্ণ কৰিছিল কিন্তু মাজভাগত পঢ়া-শুনা এৰি দিছিল। ১৯৫৫ চনত তেওঁলোকৰ বিবাহ হয় আৰু তেওঁলোকৰ তিনিটা সন্তান হয়। কিছু সময়ৰ পিছত ফ্ৰীমেনৰ মৃত্যু হয়। প্ৰায় ৫ বছৰৰ পিছত, জয়েছে ৰয় ডিফাউক বিয়া কৰায় আৰু দুয়োৰে ছয়টা সন্তান হয়।
"মই ভাবো যে মই তেওঁক কৈছিলো যে মই মোৰ পঢ়া-শুনা সম্পূৰ্ণ নকৰাৰ বাবে দুখী আৰু মোৰ সন্তানে মোক আগবাঢ়ি যাবলৈ উৎসাহিত কৰিছে," জয়েছে চিএনএনক কৈছিল।তেওঁ কৈছিল যে ইয়াৰ পিছত, তেওঁ পুনৰ একেখন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে আৰু শ্ৰেণী গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। জয়েছৰ ১৭ জন নাতি-নাতিনী একেখন মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আছিল।
অনলাইন শ্ৰেণীৰ জৰিয়তে শিক্ষা সম্পূৰ্ণ
জয়েচে চৌহদলৈ যোৱাৰ পৰিৱৰ্তে কম্পিউটাৰএটাৰ জৰিয়তে শ্ৰেণী লৈছিল। তেওঁক তেওঁৰ সন্তানে কম্পিউটাৰ চলাবলৈ শিকাইছিল। যেতিয়া ২০২০ চনত কোভিড-19 মহামাৰী হৈছিল, জয়েচ কম্পিউটাৰৰ জৰিয়তে অধ্যয়ন কৰাৰ বাবে যথেষ্ট কৃতজ্ঞ আছিল কিয়নো তেওঁ ইতিমধ্যে একেধৰণে অধ্যয়ন কৰি আছিল আৰু তেওঁ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল।
জয়েছৰ গোটেই পৰিয়ালে তেওঁক এই ডিগ্ৰী লাভ কৰাত যথেষ্ট সহায় কৰিছিল আৰু ইয়াৰ বাবে তেওঁ তেওঁলোকৰ প্ৰতি বহুত কৃতজ্ঞ। জয়েচে প্ৰতিটো ছেমিষ্টাৰৰ প্ৰতিটো শ্ৰেণী লৈছিল আৰু তেওঁৰ শ্ৰেণীৰ ৰুটিন সম্পূৰ্ণৰূপে অনুসৰণ কৰিছিল। এতিয়া তিনি বছৰৰ পিছত, তেওঁ অৱশেষত টুপী আৰু গাউন পিন্ধি বেচেলৰ অফ জেনেৰেল ষ্টাডিজ ডিগ্ৰী লৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : December 12, 2022, 23:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।