অল পাছো অঞ্চলৰ চিয়েল’ ভিষ্টা মলত সংঘটিত হয় এই গুলীবৰ্ষণৰ ঘটনা।
আমেৰিকাৰ টেক্সাছত এখন শ্ব’পিং মলত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই গুলীচালনাত ২০জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইফালে, আন ২৬জন লোক আহত হোৱাৰ খবৰ আহিছে। অল পাছো অঞ্চলৰ চিয়েল’ ভিষ্টা মলত সংঘটিত হয় এই গুলীবৰ্ষণৰ ঘটনা।
গুলীচালনাৰ পিছত আৰক্ষীয়ে শ্ব’পিং মলত থকা সকলো লোকক সেই স্থান ত্যাগ কৰাৰ নিৰ্দেশ দিয়ে। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, অল পাছোৰ মেয়ৰৰ চীফ অৱ ষ্টাফ অলিভিয়া জিপেডাই কয় যে গুলীচালনাত কেইবাজনো লোকৰ মৃত্যু হৈছে। তিনিজন সন্দেহজনক লোকক আটক কৰা হৈছে।
এই ঘটনাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইট কৰি কয় – টেক্সাছত ভয়ংকৰ গুলীচালনা। কেইবাজনো লোকৰ মৃত্যু হৈছে। ৰাজ্য আৰু স্থানীয় বিষয়াৰ সৈতে কাম কৰি আছো। গভৰ্ণৰৰ সৈতে কথা পাতিছো আৰু সম্পূৰ্ণ সহায়ৰ আশ্বাস প্ৰদান কৰিছো।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|