CAA আৰু NRCৰ কোনো প্ৰয়োজন নাই? – ক’লে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই

News18 Assam | News18-Assam
Updated:January 19, 2020, 6:56 PM IST
CAA আৰু NRCৰ কোনো প্ৰয়োজন নাই? – ক’লে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই
Photo : rappler.com

গল্ফ নিউজক দিয়া এক সাক্ষাৎকাৰত হাছিনাই CAAক লৈ কয়, ‘‘আমি বুজি পোৱা নাই যে কিয় ভাৰত চৰকাৰে এনেকুৱা কৰিছে। এয়া প্ৰয়োজনীয় নাছিল।’’

  • Share this:
নাগৰিকত্ব সংশোধনী আইন আৰু NRCৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। অৱশ্যে হাছিনাই কয় যে এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়।

গল্ফ নিউজক দিয়া এক সাক্ষাৎকাৰত হাছিনাই CAAক লৈ কয়, ‘‘আমি বুজি পোৱা নাই যে কিয় ভাৰত চৰকাৰে এনেকুৱা কৰিছে। এয়া প্ৰয়োজনীয় নাছিল।’’

হাছিনাই কয় যে বাংলাদেশৰ ১৬.১ কোটি জনসংখ্যাৰ ১০.৭ শতাংশ হিন্দু আৰু ০.৬ শতাংশ বৌদ্ধ, তেওঁলোকে ধৰ্মীয় উৎপীড়নৰ কাৰণে কেতিয়াও ভাৰতলৈ যাব খোজা নাই। আবু ধাবিত হাছিনাই এই কথাও কয় যে ভাৰতৰ পৰাও কনো লোকে বাংলাদেশলৈ পলায়ন কৰাৰ তথ্যও নাই। কিন্তু ভাৰতৰ ভিতৰত মানুহে বহু সমস্যাৰ সন্মুখীন হৈ আছে। অৱশ্যে এয়াও ভাৰতৰ এক আভ্যন্তৰীণ বিষয়।

হাছিনাই কয় যে বাংলাদেশে সদায় কৈ আহিছে যে CAA আৰু NRC ভাৰতৰ আভ্যন্তৰীণ বিষয়। ভাৰত চৰকাৰেও নিজৰ ফালৰ পৰা বাৰে বাৰে কৈছে যে NRC ভাৰতৰ এক আভ্যন্তৰীণ বিষয়। ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক সৰ্বশ্ৰেষ্ঠ বুলিও মন্তব্য কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: January 19, 2020, 6:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading