ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্সে হোৱাটছএপেৰে কিয় হেক কৰোৱাইছিল আমাজনৰ CEOৰ ব্যক্তিগত তথ্য?

News18 Assam | News18-Assam
Updated:January 22, 2020, 3:22 PM IST
ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্সে হোৱাটছএপেৰে কিয় হেক কৰোৱাইছিল আমাজনৰ CEOৰ ব্যক্তিগত তথ্য?
ফাইল ফটো

ডিজিটেল ফৰেনছিক এনালিছিছৰ মতে, আমাজনৰ চিইঅ’ জেফ বেজ’ছৰ ফোন হেক কৰোৱালে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্সে। 

  • Share this:
আমেৰিকাৰ উদ্যোগপতি আৰু আমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজ’ছৰ ফোনটো ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ মেচেজ ৰিচিভ কৰাৰ পিছতে হেক হয়। সংবাদমাধ্যমৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। অৱশ্যে News18–এই দাবী স্বতন্ত্ৰভাৱে নিশ্চিত নকৰে।

ইৰাংজী খবৰ কাকত 'The Guardian'ৰ প্ৰতিবেদনত কোৱা হৈছে যে ডিজিটেল ফৰেনছিক এনালিছিছ অনুসৰি আমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজছৰ ফোনলৈ ২০১৮ৰ আৰম্ভনিতে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্সৰ ব্যক্তিগত হোৱাটছএপ নম্বৰৰ পৰা এটা ভিডিও প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পিছতে জেফ বেজছৰ ম’বাইল ফোনৰ পৰা ডাটা চুৰি কৰা হয়।

ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান।


ৰিপ’ৰ্ট অনুসৰি এই কথা স্পষ্ট হোৱা নাই যে আমাজনৰ চিইঅ জেফ বেজ’ছৰ ফোনৰ পৰা কি তথ্য চুৰি কৰা হৈছিল কিন্তু জেফ বেজ’ছর পত্নী মেকেঞ্জীৰ সৈতে বিবাহ বিচ্ছেদৰ প্ৰায় এটা বছৰ পিছত তেওঁৰ ফোন হেক হোৱাৰ তথ্য পোহৰলৈ আহিছে।

জেফ বেজ’ছ আৰু লৰেন চেঞ্জেছৰ মাজত সম্পৰ্কক লৈ চৰ্চা

উল্লেখযোগ্য যে বিয়াৰ ২৫বছৰ পিছত জেফ–মেকেঞ্জীৰ অলপতে বিচ্ছেদ হয়। বিবাহ বিচ্ছেদৰ আগতে আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত বেজ’ছ আৰু প্ৰাক্তন টিভি এংকৰ লৰেন চেঞ্জেছৰ মাজৰ সম্পৰ্কক লৈ যথেষ্ট চৰ্চা হৈছিল। একাংশ প্ৰতিবেদন মতে বেজ’ছ আৰু চেঞ্জেছৰ মাজৰ অন্তৰংগ কথা–বতৰাও পোহৰলৈ আহিছিল। পৰৱৰ্তী সময়ত বেজ’ছে এটা ডাঙৰ ব্লগ লিখি এই টেবলয়ড প্ৰসংগত বহু কথা কৈছিল। সুৰক্ষা উপদেষ্টাৰ মতে হেক কৰা হৈছিল বেজ’ছৰ ফোন। জেফ বেজ’ছৰ সুৰক্ষা উপদেষ্টা গেৱিন ডি বেকাৰে দাবী কৰিছিল যে, জেফ বেজ’ছর সন্দৰ্ভত লিখা ‘দ্য নেচনেল ইনকিউৰাৰ’ৰ ছৌদিৰ সৈতে ব্যৱসায়িক সম্পৰ্ক আছে। জেফ বেজ’ছৰ খবৰ কাকত ৱাশ্বিংটন পোষ্টত ছৌদিত হত্যা কৰা জামাল খাছৌগীৰ হত্যাৰ প্ৰসংগক জোৰদাৰভাৱে উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত ছৌদি চৰকাৰেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে, খাছৌগীৰ হত্যা হৈছে। ইয়াৰ দ্বাৰা ছৌদি আৰৱৰ ছবি কলংকিত হৈছিল। হয়তো এইবোৰ কাৰণে ছৌদিৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে আমাজনৰ সংস্থাপকৰ ওপৰত প্ৰতিশোধ ল’ব বিচাৰিছিল।

ভাৰতলৈ আহোতে তাজমহলো চাইছিল জেফ বেজ’ছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি