বিশ্বৰ সবাতোকৈ দামী তালাক, পত্নীক দিব লাগিব ২.৬ লাখ কোটি

বেজোছ এমেজনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। মেকেঞ্জী আৰু জেফৰ বিবাহ প্ৰায় ২৬ বছৰ পূৰ্বে হৈছিল।

news18assam
Updated:July 2, 2019, 6:25 PM IST
বিশ্বৰ সবাতোকৈ দামী তালাক, পত্নীক দিব লাগিব ২.৬ লাখ কোটি
বেজোছ এমেজনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। মেকেঞ্জী আৰু জেফৰ বিবাহ প্ৰায় ২৬ বছৰ পূৰ্বে হৈছিল।
news18assam
Updated: July 2, 2019, 6:25 PM IST
বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এমেজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ পত্নী মেকেঞ্জী বেজোছে স্বামীৰ পৰা তালাকৰ বিনিময়ত লাভ কৰিব ৩৮ আৰব ডলাৰ (২.৬ লাখ কোটি টকা)। এয়া বিশ্বৰ সবাতোকৈ দামী তালাকৰ ঘটনা। বেজোছ এমেজনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। মেকেঞ্জী আৰু জেফৰ বিবাহ প্ৰায় ২৬ বছৰ পূৰ্বে হৈছিল।

মেকেঞ্জী এগৰাকী লেখিকা। তালাকৰ পিছত তেওঁ বিশ্বৰ চতুৰ্থগৰাকী ধনী মহিলা হিচাপে পৰিচিত হ’ব। মেকেঞ্জীয়ে পূৰ্বেও কৈছিল যে তেওঁ নিজৰ সম্পত্তিৰ আধা পৰমাৰ্থৰ বাবে প্ৰদান কৰিব।

উল্লেখযোগ্য যে ১৯৯৩ চনত বিবাহপাশত আবদ্ধ হৈছিল জেফ আৰু মেকেঞ্জী। ইয়াৰ পিছতে জেফে আৰম্ভ কৰিছিল এমেজন। ব্লুমবাৰ্গ বিলিয়নেয়াৰ্ছ ইনডেক্সৰ মতে, তালাকৰ বাবে নিজৰ পত্নীক ৩৮ আৰব ডলাৰ অৰ্থাৎ ২.৬ লাখ কোটি টকা দিয়াৰ পিছতো এমেজনৰ মালিক জেফ বেজোছ ১১৮ আৰব ডলাৰ সম্পত্তিৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈ থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি