• Home
  • »
  • News
  • »
  • world
  • »
  • এমাজনৰ প্ৰতিষ্ঠাপকৰ সাৱধানতাবাণী! আহিব আৰ্থিক মণ্ডাৱস্থা, ভাবি-চিন্তি কৰিব এই কাম

এমাজনৰ প্ৰতিষ্ঠাপকৰ সাৱধানতাবাণী! আহিব আৰ্থিক মণ্ডাৱস্থা, ভাবি-চিন্তি কৰিব এই কাম

এমাজনৰ প্ৰতিষ্ঠাপকৰ সাৱধানতাবাণী! আহিব আৰ্থিক মণ্ডাৱস্থা

এমাজনৰ প্ৰতিষ্ঠাপকৰ সাৱধানতাবাণী! আহিব আৰ্থিক মণ্ডাৱস্থা

চিএনএনৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জেফে গ্ৰাহকসকলক তেওঁলোকৰ নগদ ধন সুৰক্ষিত ৰাখিবলৈ আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰি এৰাই চলিবলৈ কয়।

  • Share this:
দ্ৰুতগতিত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ মাজতে এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ এক মন্তব্যই মানুহক স্তম্ভিত কৰি তুলিছে। জেফে কয় যে পৃথিৱীত অৰ্থনৈতিক মন্দাৱস্থা হ’ব। এই বক্তব্যৰ পিছত সাধাৰণ জনতাই চিন্তা কৰিবলৈ বাধ্য হৈছে। জেফে কয় যে অৰ্থনৈতিক মন্দাৱস্থাৰ সম্ভাৱনা আছে, গতিকে বন্ধৰ দিনত মানুহে ডাঙৰ ডাঙৰ বস্তু কিনাৰ পৰা বিৰত থাকিব লাগে।

জেফ বেজোছে কি ক’লে?
চিএনএনৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জেফে গ্ৰাহকসকলক তেওঁলোকৰ নগদ ধন সুৰক্ষিত ৰাখিবলৈ আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰি এৰাই চলিবলৈ কয়। এই সময়ছোৱাত তেওঁ আমেৰিকানসকলক দামী গাড়ী আৰু টিভিৰ দৰে দামী বস্তু কিনাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। জেফে কৈছে যে যদি আপুনি এটা ডাঙৰ পৰ্দাৰ টিভি কিনাৰ কথা ভাবিছে তেন্তে আপুনি অপেক্ষা কৰা উচিত। আপোনাৰ টকাখিনি সঞ্চয় কৰি ৰাখক, চাওক তেতিয়া কি হয়।

"এইটো সকলোতে প্ৰযোজ্য"
বেজোছে কয় যে এই কথা নতুন অ'টোমোবাইল বা ফ্ৰীজৰ দৰে আন বস্তুৰ ক্ষেত্ৰতো প্ৰযোজ্য। এই কথা সকলোৰে বাবে প্ৰযোজ্য। হয়তো জেফৰ এই বক্তব্য ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাধাৰণ মানুহৰ বাবে উপযোগী হ’ব। তেওঁৰ সৈতে কথা-বতৰাৰ সময়ত এমাজনৰ স্বত্বাধিকাৰীয়ে কয় যে তেওঁ জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ আৰু মানৱতাক একত্ৰিত কৰাসকলক সমৰ্থন কৰিবলৈ ১২৪ বিলিয়ন ডলাৰৰ নেট ৱৰ্থ দান কৰিব।

তদুপৰি, বেজোছে এইটোও কয় যে "এতিয়া অৰ্থনীতি ভাল দেখা পোৱা নাই," আৰু সকলোবোৰ মন্থৰ হৈছে। আপুনি অৰ্থনীতিৰ বহু খণ্ডত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা দেখিছে।"

আপোনালোকক কওঁ যে শেহতীয়া সময়ত বহু খণ্ডত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা দেখা গৈছে। চাকৰিৰ পৰা বৰ্খাস্ত হ’ল বিশ্বৰ সৰ্ববৃহৎ ছ’চিয়েল মিডিয়া কোম্পানী ফেচবুকৰ কৰ্মচাৰী। ইয়াৰ সমান্তৰালকৈ টুইটাৰ আৰু আমাজনৰ পৰাও কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি