বিশ্বৰ শীৰ্ষ ধনী ব্যক্তি জেফ বেজোছ ৰাওনা হ'ল মহাকাশলৈ। বিশ্ববিখ্যাত ই-কমাৰ্চ কোম্পানী আমাজনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বেজোছে তেওঁৰ নিজৰ কোম্পানী ব্লু অৰিজিন (Blue Origin)ৰ দ্বাৰা নিৰ্মিত নিউ শ্বেপাৰ্ড (New Shepard) নামৰ ৰকেট এখনত মহাকাশলৈ উৰা মাৰে।
বিবিচিৰ পৰা পোৱা বাতৰি অনুসৰি, মঙলবাৰে ৰাতিপুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত থকা ভেন হৰ্নৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা বেজোছ আৰু তেওঁৰ সঙ্গীসকল মহাকাশলৈ গমন কৰে। তেওঁলোকক কঢ়িয়াই অনা কেপচুলটো উৎক্ষেপণৰ পিছত প্ৰায় ৭৬ কিলোমিটাৰ দূৰ যোৱাৰ পিছত ৰকেটৰ পৰা পৃথক হ'ব। এই ৰকেটটো পিছত উৎক্ষেপণ কেন্দ্ৰৰ পৰা ২ মাইল দূৰলৈ নামি আহিব আৰু কেপছুলটোৱে তেওঁলোকক ১০৬ কিলোমিটাৰ ওপৰলৈ নিব।
বেজোছৰ সৈতে তেওঁৰ সৰু ভায়েক মাৰ্ক বেজোছ (Mark Bezos), বিশ্বৰ প্ৰথম পাইলট ৮২ বছৰীয়া ৱালী ফাংক (Wally Funk) আৰু ব্যক্তিগত ইকুইটি বিনিয়োগ প্ৰতিষ্ঠান এটাৰ চিইঅ'ৰ ১৮ বছৰীয়া পুত্ৰ অলিভাৰ ডেমেন ( Oliver Daemen) আছে। তেওঁলোকে এখন ডাঙৰ খিৰিকীৰে মহাকাশৰ পৰা মই বা আপুনি বাস কৰা পৃথিৱীখনৰ দৃশ্য উপভোগ কৰিব।
ইয়াৰ পূৰ্বে, যাত্ৰা সন্দৰ্ভত বেজোছে ইনষ্টাগ্ৰামত এটা ভিডিঅ' বাৰ্তাত কৈছিল, 'মই গোটেই জীৱন মহাকাশত এনেদৰে উৰিব বিচাৰিছিলো। এইটো এটা দুঃসাহসিক কৰ্ম আৰু মোৰ বাবে এয়া বহুত ডাঙৰ কিবা এটা।'
উল্লেখ্য, জেফ বেজোছে মানুহৰ প্ৰথম চন্দ্ৰ গমনৰ ৫২সংখ্যক বাৰ্ষিকীত মহাকাশলৈ যায়। নীল আৰ্মষ্ট্ৰঙৰ দলটো ১৯৬৯ চনত চন্দ্ৰলৈ যোৱাৰ সময়ত বেজোছৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|