• Home
  • »
  • News
  • »
  • world
  • »
  • আচৰিতভাৱে একে তাৰিখতে জন্ম অথচ সমবয়সীয়া নহয় তিনি ভগ্নী

আচৰিতভাৱে একে তাৰিখতে জন্ম অথচ সমবয়সীয়া নহয় তিনি ভগ্নী

তিনিওগৰাকী ভগ্নীৰ ঘৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ অৰলেণ্ডোত।

তিনিওগৰাকী ভগ্নীৰ ঘৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ অৰলেণ্ডোত।

তিনিওগৰাকী ভগ্নীৰ ঘৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ অৰলেণ্ডোত।

  • Share this:

চফিয়া, গিউলিয়ানা আৰু মিয়া– তিনিগৰাকী ভগ্নী। তেওঁলোকৰ মাজত এক অদ্ভুত সাদৃশ্য আছে। তিনিওজনৰ জন্মদিন একে তাৰিখত, ২৫ আগষ্টত। কিন্তু তেওঁলোক সমনীয়া নহয়।


আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম চিএনএনৰ প্ৰতিবেদন মতে, তিনিওগৰাকী ভগ্নীৰ ঘৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ অৰলেণ্ডোত। ৯ বছৰ আগতে নিক আৰু ক্ৰিষ্টিন লেমাৰ্টে দম্পতীটোৰ ঘৰলৈ আহিছিল এটা কন্যা সন্তান। জন্মৰ সেই দিনটো আছিল ২৫ আগষ্ট, ২০১৫। ইয়াৰ পিছত ২৫ আগষ্ট ২০১৮ত তেওঁলোকৰ দ্বিতীয় সন্তান গিউলিয়ানাৰ জন্ম হয়। আনহাতে  বিগত বৰ্ষৰ ২৫ আগষ্টত জন্ম পায় তৃতীয় কন্যা মিয়াই।


অৰ্থাৎ তেওঁলোকৰ জন্মও একেদিনাই হোৱা নাছিল বা তিনিওজনৰ জন্ম একে বছৰৰ একেদিনাই হোৱা নাছিল। সকলোৰে বয়সৰ ব্যৱধান তিনি বছৰ। কিন্তু তেওঁলোকৰ জন্ম একে তাৰিখতে হৈছিল। এয়াও অতি আশ্চৰ্যকৰ কথা।


এই সন্দৰ্ভত চিএনএনৰ প্ৰতিবেদন অনুসৰি চফিয়াৰ জন্মৰ ঠিক তিনি বছৰ পিছত গিউলিয়ানাৰ জন্ম হোৱাটো কাকতালীয় হ'ব পাৰে। কিন্তু মিয়াৰ জন্ম নিৰ্ধাৰিত সময়তকৈ যথেষ্ট আগতে হৈছিল। কেঁচুৱাটো ছেপ্টেম্বৰত জন্ম হোৱাৰ কথা আছিল। কিন্তু গৰ্ভধাৰণৰ সময়ত ক্ৰিষ্টিন কোৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল। তেওঁৰ তৃতীয় সন্তান মিয়া কিছু জটিলতাৰ বাবে নিৰ্ধাৰিত সময়ৰ আগতে ২৫ আগষ্টতে পৃথিৱীলৈ আহে।

Published by:Gautam Barman
First published: