• Home
  • »
  • News
  • »
  • world
  • »
  • প্ৰতিজন ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে আজি মনত পেলাইছে গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙক!

প্ৰতিজন ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে আজি মনত পেলাইছে গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙক!

২০১১ ৰ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ছেহৱাগ আৰু শচীন ব্যৰ্থ হোৱাৰ পিছত গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙে দিছিল জয়ৰ সোৱাদ

২০১১ ৰ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ছেহৱাগ আৰু শচীন ব্যৰ্থ হোৱাৰ পিছত গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙে দিছিল জয়ৰ সোৱাদ

২০১১ ৰ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ছেহৱাগ আৰু শচীন ব্যৰ্থ হোৱাৰ পিছত গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙে দিছিল জয়ৰ সোৱাদ

  • Share this:
    অৱশেষত বিশ্বকাপৰ পৰা বাহিৰ হ’ল কোহলী বাহিনী। ২৪০ ৰানৰ লক্ষ্য আগত ৰাখি ভাৰতে ২২১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। টপ অৰ্ডাৰ বেটচমেন চুড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ বাবেই অৱশেষত থমকি ৰয় ভাৰতীয় দল। সেই সময়তে এতিয়া ছচিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে ভাৰতীয় দলৰ দুগৰাকী মহান খেলুৱৈ গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙে। তাৰ সমান্তৰালভাৱে ২০১৯ৰ বিশ্বকাপৰ দলত যুৱৰাজক দলত স্থান নিদিয়া প্ৰসংগও এতিয়া আহিছে চৰ্চালৈ।

    ২০০৭ ৰ টি ২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাত গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙে লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা, সেইদৰে ২০১১ চনৰ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ছেহৱাগ আৰু শচীন ব্যৰ্থ হোৱাৰ পিছত গৌতম গম্ভীৰ আৰু যুৱৰাজ সিঙে ভাৰতে বিশ্বকাপ জয় কৰাত লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা। দুয়োজনে খেলিছিল দুৰ্দান্ত ইনিংছ। কিন্তু ২০১৫ আৰু  ২০১৯ ৰ বিশ্বকাপত এগৰাকীয়েও নাপালে দলত সুযোগ, সুযোগ নাপাই দুয়োজন মহান খেলুৱৈয়ে অৱসৰ ল’লে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা, অৱসৰৰ সময়তো দুয়োগৰাকীকে দিয়া নহ’ল কোনো ধৰণৰ সন্মান!

    ২০১৫ আৰু ২০১৯ ৰ বিশ্বকাপত ভাৰতে ছেমি ফাইনেলৰ পৰা বিদায় লোৱাৰ প্ৰধান কাৰণ আছিল টপ অৰ্ডাৰ আৰু মিডল অৰ্ডাৰ বেটচমেনৰ বেটিং ব্যৰ্থতা। বুধবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ২৪০ ৰানৰ লক্ষ্য আগত ৰাখি ভাৰতে ২২১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে।৯২ ৰানতে ৬ টাকৈ উইকেট হেৰুৱাৰ পিছত জাদেজা আৰু মহেন্দ্ৰ সিং ধোনীয়ে কিছু জয়ৰ ৰেঙণী দেখুৱাইছিল যদিও, জদাজা আউট হোৱাৰ পিছত ভাৰতৰ বাকী থকা দুটা উইকেট অতি কম সময়ৰ ভিতৰতে আউট হয়। মহেন্দ্ৰ সিং ধোনীয়েও নোৱাৰিলে ভবা মতে প্ৰদৰ্শন আগবঢ়াব। শেষ মুহূৰ্তলৈকে অতি মন্থৰ গতিত বেটিং কৰে ধোনীয়ে।
    First published: