আফগানিস্তানক আৱদ্ধ হৈ থকা লোকসকলৰ বাবে ই-ভিছা আৰম্ভ কৰিছে ভাৰতে। ইমাৰ্জেন্সী এক্স মিছলেনিয়াছ নামৰ এই বিশেষ ভিছাৰ সহায়ত ধৰ্ম নিৰ্বিশেষে আফগানিস্তানৰ যিকোনো বিপদগ্ৰস্ত ব্যক্তিয়ে ভাৰতত আশ্ৰয় ল'ব পাৰিব। সূত্ৰৰ খবৰ অনুসৰি, পূৰ্বে আফগানৰ বাবে এইধৰণৰ ভিছাৰ ব্যৱস্থা ভাৰতীয় দূতবাসে কৰা নাছিল। স-শৰীৰে ভিছা অফিচত জমা দিয়াৰ পৰা কাগজপত্ৰ জমা দিবলগীয়া হৈছিল। কিন্তু তালিবানে কাবুল দখল কৰাৰ পিছতে এতিয়া বন্ধ হৈ পৰিল কাবুলস্থিত ভাৰতীয় দূতবাসৰ দৰ্জা। সেই কাৰণেই এতিয়া ই-ভিছা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে এটা হেল্পলাইন নম্বৰ আৰম্ভ কৰ হৈছে। ভাৰত চৰকাৰৰ হেল্পলাইন নম্বৰ 9717785379, মেইল আই.ডি-meahelpdeskindia@gmail.com।
সূত্ৰৰ খবৰ অনুসৰি, যিকোনো আফগান নাগৰিকেই এই ভিছাৰ বাবে আবেদন কৰিব পাৰিব। দিল্লীৰ তৰফৰ পৰা আবেদনৰ নথি পৰীক্ষা কৰি, অন্তত ছমাহৰ বাবে প্ৰাথমিক ভাবে থকাৰ অনুমতি প্ৰদান কৰিব। ভিছাৰ বাবে কি কি নথি জমা দিব লাগিব, সেয়া শীঘ্ৰেই চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হ'ব।
আফগানিস্তানৰ বৰ্তমান পৰিস্থিতিকলৈ চিন্তিত হৈ পৰিছে ভাৰত। তালিবানৰ আধিপত্যৰ পৰা বাছিবলৈ আফগানিস্তান এৰিছে দেশখনৰ নাগৰিকে। ইয়াৰ মাজত আজি ভাৰতলৈ উভতি আহিল আফগানিস্তানত আৱদ্ধ হৈ থকা ১৩০ গৰাকী ভাৰতীয় দূতবাসকৰ্মী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|