• Home
  • »
  • News
  • »
  • world
  • »
  • Shinzo Abe shot: কোনে গুলীচালনা কৰিছিল ছিনজো আবেলৈ লক্ষ্য কৰি? আক্ৰমণৰ পিছত কিয় ৰৈ আছিল সেই স্থানতে?

Shinzo Abe shot: কোনে গুলীচালনা কৰিছিল ছিনজো আবেলৈ লক্ষ্য কৰি? আক্ৰমণৰ পিছত কিয় ৰৈ আছিল সেই স্থানতে?

স্থানীয় সংবাদ মাধ্যমৰ মতে, যিজন লোকে আবেলৈ গুলীচালনা কৰিছিল, তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী।

স্থানীয় সংবাদ মাধ্যমৰ মতে, যিজন লোকে আবেলৈ গুলীচালনা কৰিছিল, তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী।

স্থানীয় সংবাদ মাধ্যমৰ মতে, যিজন লোকে আবেলৈ গুলীচালনা কৰিছিল, তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী।

  • Share this:
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেলৈ লক্ষ্য কৰি গুলীচালনা। মঞ্চত ভাষণ দি থকা অৱস্থাতে দুৰ্বৃত্তই গুলীচালনা কৰে আবেলৈ। আবেলৈ লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰি সেই স্থানতে ৰৈ আছিল আক্ৰমণকাৰী। পলাবলৈও কোনো চেষ্টা কৰা নাছিল আক্ৰমণকাৰীয়ে। কিয় আবেৰ ওপৰত এই আক্ৰমণ সেই সম্পৰ্কে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান হাস্পতালত চিকিৎসাধীন ছিনজো আবে। তেওঁৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, যিজন লোকে আবেলৈ গুলীচালনা কৰিছিল, তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী। কোৱা হৈছে যে য়ামাগামীয়ে ৩ডি প্ৰিণ্টেড বন্দুকেৰে গুলীচালনা কৰিছিল, অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই। আবেই এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে ছিনজো আবে জাপানৰ আটাইতকৈ দীৰ্ঘসময় ধৰি পদত থকা প্ৰধানমন্ত্ৰী। তেওঁ ৫২ বছৰ বয়সতে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল। তেওঁ আটাইতকৈ কম বয়সৰ প্ৰধানমন্ত্ৰী হিচাপেও অভিলেখ গঢ়িছিল। ২০২০ চনত কোলাইটিছ ৰোগৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দিছিল।


Published by:Sanjay Kumar Das
First published: