Explained: কিয় হঠাৎ অষ্ট্ৰেলিয়াত বৃদ্ধি পাইছে নিগনিৰ উপদ্ৰৱ? নিগনিক লৈ এতিয়া আতংকিত হৈ পৰিছে সকলো

News18 Assam | News18-Assam
Updated:March 25, 2021, 5:41 PM IST
Explained: কিয় হঠাৎ অষ্ট্ৰেলিয়াত বৃদ্ধি পাইছে নিগনিৰ উপদ্ৰৱ? নিগনিক লৈ এতিয়া আতংকিত হৈ পৰিছে সকলো
হঠাৎ নিগনিৰ সংখ্যা ইমান বৃদ্ধি পাইছে যে স্থানীয় দোকানীৰ পৰা আদি কৰি সাধাৰণ মানুহলৈকে সকলোৱে এতিয়া গোটেই দিনধৰি নিগনি ধৰিবলগীয়া হৈছে।

হঠাৎ নিগনিৰ সংখ্যা ইমান বৃদ্ধি পাইছে যে স্থানীয় দোকানীৰ পৰা আদি কৰি সাধাৰণ মানুহলৈকে সকলোৱে এতিয়া গোটেই দিনধৰি নিগনি ধৰিবলগীয়া হৈছে।

  • Share this:
এটাৰ পিছত আনটো সমস্যাই পৰিস্থিতি বিষম কৰি তুলিছে অষ্ট্ৰেলিয়াৰ। কোৰোণা মহামাৰীৰ ত্ৰাসৰ মাজতেই বৃহৎ বনজুইয়ে দেশখনক বেয়াকৈ ক্ষতি কৰিছে। এই সমস্যাসমূহৰ পিছতেই এইবাৰ দেশখনত উদ্ভৱ হৈছে আন এটা সমস্যা৷ সেয়া হৈছে নিগনিৰ সমস্যা৷ বৰ্ধিত নিগনিৰ সংখ্যাই চিন্তাত পেলাইছে সকলোকে৷ হঠাৎ নিগনিৰ সংখ্যা ইমান বৃদ্ধি পাইছে যে স্থানীয় দোকানীৰ পৰা আদি কৰি সাধাৰণ মানুহলৈকে সকলোৱে এতিয়া গোটেই দিনধৰি নিগনি ধৰিবলগীয়া হৈছে।

সকলো ঠাইতে কেৱল নিগনি আৰু নিগনি -
নিউ ছাউথ ৱেলছ আৰু কইন্সলেণ্ডৰ দৰে চহৰৰ চৌদিশে লাখ লাখ নিগনি হঠাতে দেখিবলৈ পোৱা গৈছে। সেইবোৰ কেৱল খেতি বা খালী স্থান আৰু বাকচতেই সীমাবদ্ধ নহয়, ঘৰ, খাদ্য সামগ্ৰী, চিকিৎসালয় আৰু আনকি ব্যক্তিগত আৰু ৰাজহুৱা বাহনতো ত্ৰাস চলাইছে নিগনিয়ে। দেশখনৰ নাগৰিকসকলে নিজেই তেওঁলোকৰ ঘৰত ক’ত ক’ত নিগনিয়ে বসতি স্থাপন কৰিছে সেয়া সামাজিক মাধ্যমত ভিডিঅ' আকাৰত প্ৰকাশ কৰিছে। আনকি ঘৰৰ বহু সদস্যই নিৰন্তৰভাৱে নিগনি ধৰি আছে তাৰো ইয়াৰ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে।

কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে হঠাৎ দেশখনত কিয় ইমান নিগনিৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে। ইয়াক বুজিবলৈ যদি ইতিহাসলৈ চোৱা হয় তেন্তে অষ্ট্ৰেলিয়াত প্ৰথমে নিগনি দেখিবলৈ পোৱা নগৈছিল। ইয়াক প্ৰথমে ১৭৮৭ চনত দেখা গৈছিল। অনুসন্ধানত প্ৰকাশ পাইছিল যে বাণিজ্যৰ সময়ত ব্ৰিটেইনৰ পৰা জাহাজৰ জৰিয়তে অষ্ট্ৰেলিয়ালৈ আহিছিল নিগনিবোৰ।

লক্ষণীয়ভাৱে বিশ্বৰ প্ৰায় সকলো দেশতে চীনৰ পৰাই নিগনি বিয়পি পৰা বুলি বিবেচনা কৰা হয়। বিশেষকৈ, ইউৰোপীয় দেশবোৰত নিগনি হৈছে চীনৰ দান৷ ইতিহাসবিদসকলৰ মতে, প্ৰায় ২ হাজাৰ বছৰ পূৰ্বে চীনে আন দেশসমূহতত এক নিৰ্দিষ্ট প্ৰকাৰৰ প্লেগ পঠিয়াবলৈ আৰম্ভ কৰিছিল। যি প্ৰায়ে বাণিজ্যৰ অহা-যোৱা জাহাজৰ মাজেৰে বিয়পি পৰিছিল। ইয়াৰ প্ৰমাণ ১৩৪৭ চনত পোৱা গৈছিল, যেতিয়া চীনৰ পৰা ১২খন জাহাজৰ সৈতে ইটালীলৈ বহু নিগনি আহিছিল আৰু তাৰ পিছত সমগ্ৰ ইটালীয়ে প্লেগৰ আতংকৰ সন্মুখীন হৈছিল। পৰৱৰ্তী পাঁচ বছৰত সেই একেই জাহাজত অহা অসুস্থ নিগনিয়ে ২০ নিযুততকৈও অধিক লোকৰ প্ৰাণ কাঢ়িছিল। জাহাজবোৰক পিছত মৃত্যুৰ জাহাজ বুলি কোৱা হৈছিল, যদিও চীনৰ সৈতে তেতিয়াই বাণিজ্য বন্ধ হোৱা নাছিল।

১৯৯৩ চনত শস্যৰ ক্ষেত্ৰত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছিল অষ্ট্ৰেলিয়া -

ব্ৰিটেইনৰ পোৰ্টমাউথৰ পৰা ১৭৮৭ চনত জাহাজবোৰ সৈতেই অষ্ট্ৰেলিয়াত এক বৃহৎ পৰিমাণৰ নিগনিবোৰ আহিছিল। তেতিয়াৰ পৰা প্ৰায় চাৰি বছৰলৈকে নিগনিৰ আতংক দেখিবলৈ পোৱা গৈছিল। বিশেষকৈ শস্য উৎপাদন আৰু সংৰক্ষণৰ সময়ত বৃদ্ধি পায় নিগনিৰ সংখ্যা। প্ৰতি ঋতুতে ই শস্য নষ্ট কৰে, যদিও ১৯৯৩ চনত আটাইতকৈ বেয়াকৈ ক্ষতি হৈছিল, যেতিয়া অষ্ট্ৰেলিয়াৰ ভিন্ন প্ৰদেশত ৯৬ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ শস্য নিগনিৰ দ্বাৰা নষ্ট হৈছিল।

পশুধন আৰু কাৰখানাবোৰতো চলাইছিল ত্ৰাস -
কেৱল খাদ্য হেৰুওৱাই নহয়, নিগনিবোৰে দেশখনৰ কুকুৰা আৰু গৰু আৰু ম'হৰ ওপৰতো আক্ৰমণ চলাইছিল আৰু অসুস্থ কৰিছিল। ফলস্বৰূপে, সংক্ৰমণ বিয়পি পৰাৰ ভয়ত পশুধনক মাৰিও পেলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল। কিন্তু ১৯৯৩ চনত নিগনিবোৰে দেশখনত অধিক ক্ষতি কৰিছিল। নিগনিৰ জাকবোৰ ৰবৰ আৰু বৈদ্যুতিক কাৰখানা আৰু দোকানতলৈও বিয়পিছিল আৰু যথেষ্ট ক্ষতি কৰিছিল। আজি পৰ্যন্ত, অষ্ট্ৰেলিয়া চৰকাৰে সেই আক্ৰমণৰ কাৰণ বুজিব পৰা নাই বা ক্ষতিৰ সম্পূৰ্ণ মূল্যায়ন কৰিব পৰা নাই।

শেহতীয়াকৈ বিগত বছৰৰ মাজভাগৰ পৰা অষ্ট্ৰেলিয়াত পুনৰ নিগনিৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰে, যিসময়ত তাত শস্যৰ সময় আছিল। প্ৰতিবাৰৰ দৰে, এইবাৰো ইয়াক প্ৰতিৰোধৰ চেষ্টা কৰা হৈছিল, কিন্তু এইবাৰৰ প্ৰচেষ্টাও বিফল হৈছিল। ২০২০ চনত নিগনিৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰাৰ লগতে এতিয়াও বাঢ়িয়েই আছে সংখ্যা।

মহামাৰী প্ৰাদুর্ভাৱৰ আশংকা -
দেশখনৰ নাগৰিকসকলে কেৱল খাদ্যশস্য আৰু অন্যান্য সামগ্ৰীৰ ক্ষতিৰ ভয় কৰাই নহয়, ইয়াৰ ফলত হোৱা মহামাৰীক লৈও ত্ৰস্তমান হৈ পৰিছে। যি সময়ত সমগ্ৰ বিশ্বই কোৰোণা মহামাৰীৰ সৈতে যুঁজি আছে, সেয়েহে নিগনিৰ এনে উত্থানে প্লেগ আনিব পাৰে। দেশখনৰ কেইবাখনো প্ৰদেশত পানীৰ টেংকত মৃত নিগনি উদ্ধাৰৰ পিছতে এই শংকা বৃদ্ধি পাইছে৷

এই প্লেগ হৈছে বিশ্বৰ আটাইতকৈ পুৰণি মহামাৰী, যিয়ে পেষ্ট, টাউন, ব্লেক ডেটথৰ দৰে বহুতো নাম লাভ কৰিছে। এই ৰোগ সাধাৰণতে অসুস্থ নিগনিৰ দ্বাৰা বিয়পে। অসুস্থ নিগনিয়ে খাদ্য বা আন বস্তুৰ সংস্পৰ্শলৈ আহি অথবা পোনপটীয়াকৈ মানুহৰ সংস্পৰ্শলৈ আহি এই ৰোগ বিয়পাব পাৰে। পেষ্টুৰেলা পেচিছ নামৰ বেক্টেৰিয়াই এই ৰোগ দ্ৰুতগতিত বিয়পাই আৰু ই মাৰাত্মক হৈ পৰে। বিগত সময়ত, প্লেগ বিয়পি লাখ লাখ লোকৰ মৃত্যু হৈছিল আৰু সুস্থ লোকসকলে ইয়াৰ বাবেই ঠাই এৰি পলাই গৈছিল। সম্প্ৰতি ইয়াৰ চিকিৎসা লাভ কৰা হৈছে যদিও প্লেগৰ ভয়াৱহতা অব্যাহত আছে।
Published by: Sanjay Kumar Das
First published: March 25, 2021, 5:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি