ভয়ংকৰ বিমান দুৰ্ঘটনাত ১৭৬জন লোকৰ মৃত্যু, তেহৰানত হাহাকাৰ, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 8, 2020, 12:29 PM IST
ভয়ংকৰ বিমান দুৰ্ঘটনাত ১৭৬জন লোকৰ মৃত্যু, তেহৰানত হাহাকাৰ, চাওক VIDEO
Photo : News18 Hindi

এই বিমান দুৰ্ঘটনাৰ ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে। তেহৰানৰ বিমানবন্দৰৰ সমীপতে দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখা গৈছিল বয়িং 737 বিমানখন।

  • Share this:
ইৰাণৰ তেহৰানত ইউক্ৰেইনৰ এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৭৬জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছিল ৯জন বিমানকৰ্মী। ইৰাণী সংবাদ প্ৰতিষ্ঠান ISNA–এ বিমানখনত থকা সকলো লোকৰে মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।

পুৱা তেহৰানৰ ইমাম খুমেইনী বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই বিমান দুৰ্ঘটনাটো। ৱেবছাইট ‘ফ্লাইটৰাডাৰ24’ৰ মতে, ইউক্ৰেইন আন্তঃৰাষ্ট্ৰীয় এয়াৰলাইনৰ এই বিমানখনে তেহৰানৰ পৰা কিয়েভ অভিমুখে উৰা মাৰিছিল। ৭৯০০ ফুট উচ্চতাত দুৰ্ঘটনাৰ চিকাৰ হয় বিমানখন। কাৰিকৰী বিজুতিৰ ফলত উৰণৰ কিছু সময় পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

এই বিমান দুৰ্ঘটনাৰ ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে। তেহৰানৰ বিমানবন্দৰৰ সমীপতে দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখা গৈছিল বয়িং 737 বিমানখন।



NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি