SBIৰ ৪২কোটি গ্ৰাহকক ৰামটাঙোন! ফিক্সড ডিপ’জিটৰ হাৰ কৰিলে হ্ৰাস, চাওক নতুন দৰ

News18 Assam | News18-Assam
Updated:January 14, 2020, 12:44 PM IST
SBIৰ ৪২কোটি গ্ৰাহকক ৰামটাঙোন! ফিক্সড ডিপ’জিটৰ হাৰ কৰিলে হ্ৰাস, চাওক নতুন দৰ
Source-Google

চৰকাৰী বেংকত ফিক্সড ডিপ’জিট যদি কৰিছে তেনেহ’লে এই খবৰ আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ।

  • Share this:
এছবিআইয়ে আকৌ এবাৰ গ্ৰাহকৰ মুৰত শোধাইছে ৰামটাঙোন। FDৰ দৰ হ্ৰাস কৰিছে দেশৰ সৰ্বজন নিৰ্ভৰযোগ্য চৰকাৰী বেংকটোৱে। এই সিদ্ধান্তৰ ফলত অসংখ্য গ্ৰাহকে লোকচানৰ সন্মুখীন হ’ব। লাইভ মিণ্টৰ ছপা খবৰৰ মতে, এছবিআইৰ দ্বাৰা জাৰি কৰা এফডি হাৰ ১০জানুৱাৰীৰ পৰা প্ৰযোজ্য হৈছে। বেংকে ১বছৰৰ পৰা ১০বছৰলৈকে মেচিউৰড হ’বলগীয়া লং টাৰ্ম ডিপ’জিটৰ ওপৰত এফডিৰ হাৰ ১৫বিপিএছ কৰ্তন কৰিছে। ৭দিনৰ পৰা ১বছৰলৈকে মেচিউৰ হ’বলগীয়া এফডিৰ ক্ষেত্ৰত বেংকে কোনো পৰিৱৰ্তন সাধন কৰা নাই।

SBIৰ এফডিৰ নতুন সুতৰ হাৰৰ বিষয়ে জানো আহক...

১) ৭ৰ পৰা ৪৫দিনৰ এফডি–এছবিআইৰ তৰফৰ পৰা জনোৱা মতে এতিয়া ৭ৰ পৰা ৪৫দিনলৈকে এফডিৰ নতুন সুতৰ হাৰ ৪.৫শতাংশ হয়।

২) ৪৬দিনৰ পৰা ১৭৯দিনলৈকে এফডি–৫.৫০শতাংশ হাৰত সুত।

৩) ১৮০দিনৰ পৰি ২১০ৰ এফডি–পূৰ্বে সুতৰ হাৰ আছিল ৬শতাংশ। ১০ছেপ্তেম্বৰৰ পৰা এই সুতৰ হাৰ ০.৫৮শতাংশ নিম্ন হৈছে।

৪) ২১১দিনৰ পৰা ১বছৰলৈতে FD–এছবিআই–এ ২১১দিনৰ পৰা ১বছৰলৈকে এফডিৰ ওপৰত সুতৰ হাৰ ১০ছেপ্তেম্বৰত ০.২০শতাংশ হ্ৰাস কৰিছিল। এই এফডিত এতিয়া ৫.৮০শতাংশৰ হিচাপত সুত পাব।

৫) ১বছৰৰ পৰা ২বছৰলৈকে FD–এছবিআইৰ ১–২বছৰলৈকে এফডিত ৬.১০শতাংশ সুত পাব।

৬) ২বছৰৰ পৰা ৩বছৰলৈকে FD–এছবিআইয়ে এতিয়া ২–৩বছৰলৈকে FDত ৬.১০শতাংশ হাৰত সুত প্ৰদান কৰিব।

৭) ৩বছৰৰ পৰা ৫বছৰলৈকে FD–এই এফডিত SBI-এ ৬.১০শতাংশ সুত প্ৰদান কৰিব।

৮) ৫বছৰৰ পৰা ১০বছৰলৈকে FD–এই এফডিৰ ওপৰত SBI-এ ৬.২৫শতাংশ সুত আগতে দিছিল এতিয়া ৬.১০শতাংশ সুত দিব।

জ্যেষ্ঠ নাগৰিকৰ কাৰণে নতুন সুতৰ হাৰ

–৭ৰ পৰা ৪৫দিনলৈকে নতুন সুতৰ হাৰ ৫শতাংশ।

–৪৬দিনৰ পৰা ১৭৯দিনলৈ নতুন সুতৰ হাৰ ৬শতাংশ।

–১৮০দিনৰ পৰা ২১০দিনলৈ এফডিত ৬.৩০শতাংশ সুত পাব।

–২১১দিনৰ পৰা ১বছৰলৈকে এছবিআইয়ে ৬.৩০শতাংশ সুত প্ৰদান কৰিব।

–১বছৰৰ পৰা ২বছৰলৈকে সুতৰ হাৰ ৬.৬০শতাংশ।

–২বছৰৰ পৰা ৩বছৰলৈকে সুতৰ হাৰ ৬.৬০শতাংশ।

–৩বছৰৰ পৰা ৫বছৰলৈকে ৬.৬০শতাংশ।

–৫বছৰৰ পৰা ১০বছৰলৈকে ৬.৬০সুতৰ হাৰ এফডিত এছবিআইয়ে দিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি