মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Ayman al-Zawahiri: মৃত্যুৰ বাতৰি মিছা, জীয়াই আছে বিশ্ব সন্ত্ৰাসবাদৰ গুৰু আল–কায়দাৰ মুৰব্বী আল–জৱাহিৰী

Ayman al-Zawahiri: মৃত্যুৰ বাতৰি মিছা, জীয়াই আছে বিশ্ব সন্ত্ৰাসবাদৰ গুৰু আল–কায়দাৰ মুৰব্বী আল–জৱাহিৰী

Gautam Barman | News18-Assam
Updated:September 12, 2021, 6:35 PM IST
Ayman al-Zawahiri: মৃত্যুৰ বাতৰি মিছা, জীয়াই আছে বিশ্ব সন্ত্ৰাসবাদৰ গুৰু আল–কায়দাৰ মুৰব্বী আল–জৱাহিৰী
মৃত্যুৰ উৰাবাতৰিৰ মাজতে তেওঁক ৬০ মিনিটৰ এটা নতুন ভিডিঅ'ত দেখা গৈছে।

মৃত্যুৰ উৰাবাতৰিৰ মাজতে তেওঁক ৬০ মিনিটৰ এটা নতুন ভিডিঅ'ত দেখা গৈছে।

  • News18 Assam
  • Last Updated: September 12, 2021, 6:35 PM IST
  • Share this:

মৃত্যু হোৱা নাই আল কায়দা (Al Qaeda)ৰ মুৰব্বী আয়মান আল-জৱাহিৰী (Ayman al-Zawahiri)ৰ। এতিয়াও জীয়াই আছে বিশ্ব সন্ত্ৰাসবাদৰ গুৰু। শেহতীয়াকৈ তেওঁক হত্যা কৰাৰ খবৰ পোৱা গৈছিল, যি এতিয়া এটা উৰাবাতৰি হৈ পৰিছে। কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত ৯/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ (9/11 Attack) ২০তম বাৰ্ষিকীত মুকলি কৰা এটা ভিডিঅ'ত আল-জৱাহিৰীক দেখা গৈছে।


জেহাদী গোটসমূহৰ অনলাইন কাৰ্যকলাপ নিৰীক্ষণ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এছআইটিই ইণ্টেলিজেঞ্চ গ্ৰুপে কৈছে যে আল-জাৱাহিৰীয়ে কেইবাটাও বিষয়ত কথা পাতিছিল৷ এঘণ্টাৰ ভিডিঅ'টোত তেওঁ ৰাছিয়াৰ সামৰিক ঘাটিত অভিযানকে ধৰি কেইবাটাও বিষয়ত এটা বিবৃতি দিছিল৷


এছআইটিইৰ সঞ্চালক ৰীতা কাটজে কয় যে আল-জৱাহিৰীয়ে তালিবানৰ আফগানিস্তান দখলৰ বিষয়ে একো কোৱা নাছিল। কাটজেৰ মতে, আল-জৱাহাৰীৰ ভিডিঅ' এনে এটা সময়ত পোহৰলৈ আহিছিল, যেতিয়া যোৱা নৱেম্বৰত এটা প্ৰতিবেদনত কোৱা হৈছিল যে তেওঁৰ মৃত্যু হৈছে। ৯/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৯তম বাৰ্ষিকীত আল কায়দাৰ দ্বাৰা প্ৰকাশিত এটা ভিডিঅ' বাৰ্তাত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল। কিন্তু চলিত বৰ্ষৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে আল কায়দা নেতৃত্বৰ এটা গুৰুত্বপূৰ্ণ অংশ আফগানিস্তান (Afghanistan) আৰু পাকিস্তান (Pakistan)ৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰে।



ভিডিঅ'টোৱে দিছে আল-জৱাহিৰী জীৱিত থকাৰ প্ৰমাণ
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে আল-জৱাহিৰী এতিয়াও জীয়াই আছে, কিন্তু প্ৰচাৰ কৰিবলৈ যথেষ্ট দুৰ্বল হৈ পৰিছে। ৰীতা কাটজে কেইবাটাও টুইটযোগে উল্লেখ কৰিছে,


'আল-কায়দা নেতা আয়মান আল-জৱাহিৰীৰ মৃত্যুৰ উৰাবাতৰিৰ মাজতে তেওঁক ৬০ মিনিটৰ এটা নতুন ভিডিঅ'ত দেখা গৈছে। এইবাৰ কিছুমান এনে প্ৰমাণ পোৱা গৈছে যে তেওঁ মৃত নহয়।'


'জৱাহিৰীয়ে চিৰিয়াত আল কায়দা মিত্ৰজোঁটৰ অংশ হোৱা হুৰুছ আল-দিনৰ এটা ৰাছিয়াৰ সামৰিক ঘাটিত চলোৱা অভিযানৰ কথা উল্লেখ কৰিছিল।'



আল কায়দাই এতিয়ালৈকে আল-জৱাহিৰীৰ মৃত্যু নিশ্চিত কৰা নাই
ওচামা বিন লাডেন (Osama Bin Laden) নিহত হোৱাৰ পিছত আল-জাৱাহিৰীয়ে আল-কায়দাৰ দায়িত্ব গ্ৰহণ কৰে। আল-জাৱাহিৰীয়ে যোৱা মাহত আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ কথাও এই ভিডিঅ'টোত উল্লেখ কৰিছিল। অৱশ্যে, তেওঁ আফগানিস্তানৰ বিৰুদ্ধে তালিবানৰ বিজয়ৰ বিষয়ে একো কোৱা নাছিল। শেহতীয়া বছৰবোৰত আল-জাৱাহিৰীয়ে গুৰুত্ব হেৰুৱাইছে আৰু বিশেষজ্ঞসকলে কৈছে যে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। অৱশ্যে আল কায়দাই ইয়াৰ মিডিয়া চেনেলৰ জৰিয়তে আল-জাৱাহিৰীৰ মৃত্যুৰ কথা নিশ্চিত কৰা নাই।

Published by: Gautam Barman
First published: September 12, 2021, 5:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি