এতিয়ালৈকে এটা সাধাৰণ বিশ্বাস আছিল যে যদি তিনিটাতকৈ অধিক সন্তান একেলগে জন্ম হয় তেন্তে তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা কম। এই ধাৰণাটো এতিয়া ভুল প্ৰতিপন্ন কৰিছে কাৰণ একেগৰাকী মাতৃৰ গৰ্ভৰ পৰা একেলগে জন্ম হোৱা ৯টা সন্তান এতিয়া ১৯ মাহৰ অবিৰত চিকিৎসাৰ অন্তত ঘৰলৈ উভতি আহিছে।
মালিত হালিমা চিছে নামৰ এগৰাকী মহিলাই ২৫ বছৰ বয়সত ৯টা সন্তান জন্ম দিয়ে। ২০২১ চনৰ মে’ মাহত হালিমাক বিমানেৰে মৰক্কোলৈ লৈ যোৱা হৈছিল, কাৰণ আল্ট্ৰাছাউণ্ডত দেখা গৈছিল যে তেওঁ সাতটা কেঁচুৱা গৰ্ভত কঢ়িয়াই লৈ ফুৰিছিল, যাৰ ফলত প্ৰসৱত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। শিশুকেইটাক কাছাব্লাংকাৰ এখন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়, য’ত সকলো শিশু আৰু তেওঁলোকৰ মাতৃ সুস্থ হৈ উঠিছে। মৰক্কোৰ এখন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় শিশুকেইটাৰ।
মালিৰ ৰাজধানী বামাকোলৈ উভতি অহাৰ পিছত শিশুকেইটাৰ পিতৃ আব্দেল কাদেৰ আৰ্বিয়ে চৰকাৰক ধন্যবাদ জনাই কয় যে চৰকাৰে পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰি আছে। তেওঁলোকে কৈছে যে আল্লাহ তা‘আলাই তেওঁলোকক ৰহম দিছে। ইয়াৰ দ্বাৰা তেওঁলোকৰ যত্ন লোৱাত সহায়ক হ’ব। মালিৰ স্বাস্থ্যমন্ত্ৰী ডিমিনাটো ছাংগাৰাই কয় যে চৰকাৰে পৰিয়ালটোক সহায় কৰি যাব। ৯ টা শিশুৰ ভিতৰত ৫ টা ছোৱালী আৰু ৪ টা ল'ৰা। সকলোৰে জন্ম হয় চিজাৰিয়ান অপাৰেচনৰ দ্বাৰা। জন্মৰ সময়ত শিশুসকলৰ ওজন ৫০০ গ্ৰামৰ পৰা ১ কেজিৰ ভিতৰত আছিল।
Published by: Subham Goswami
FIRST PUBLISHED : December 17, 2022, 21:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|