নেপালত সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাই কপাঁই গৈছে সমগ্ৰ বিশ্বক। জানিব পৰা মতে, কাঠমাণ্ডুৰ পৰা পোখৰালৈ উৰা মাৰি থকা ইয়েতি এয়াৰলাইনছৰ এখন এটিআৰ ৭২ বিমান দেওবাৰে পুৱা কাস্কি জিলাৰ পোখৰাত দুৰ্ঘটনাগ্ৰস্ত হৈছে।
নেপালৰ পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱেত দুৰ্ঘটনাগ্ৰস্ত বিমানত থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰী হেলিকপ্টাৰবোৰে ইতিমধ্যে চেষ্টা কৰি আছে। বৰ্তমানলৈ দুৰ্ঘটনাৰ আঁৰৰ কাৰণ জানিব পৰা যোৱা নাই। অৱতৰণৰ সময়ত দুৰ্ঘটনা সংঘটিত হৈছিল। এই ঘটনাৰ পিছতেই বিমানবন্দৰটো বৰ্তমানৰ বাবে বন্ধ কৰা হৈছে।
নেপাল বিমানবন্দৰৰ শীৰ্ষ বিষয়াই চিএনএন নিউজ18 দিয়া তথ্য অনুসৰি, পোখৰাৰ ইয়েতিত এক উৰাজাহাজ দুৰ্ঘটনাগ্ৰস্ত হৈছ। জুইৰ নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপনীত হ'বলৈ অক্ষম হৈছে।
ইয়েতি এয়াৰলাইনছৰ মুখপাত্ৰ সুদৰ্শন বাৰটাউলাই পোষ্টক জনায় যে, পুৰণি বিমানবন্দৰ আৰু পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত মুঠ ৭২ গৰাকী লোক আছিল। ইয়াৰে ৬৮ জন যাত্ৰী আৰু ৪ জন কৰ্মচাৰী আছিল। বেছিভাগ যাত্ৰী নেপালৰ স্থানীয় নহয় বুলি জানিব পৰা গৈছে। ৬৮ জনৰ ভিতৰত ১০ গৰাকী বিদেশী নাগৰিক আৰু কেইজনমান ভাৰতীয় নাগৰিকো আছিল।
নেপালী সংবাদ মাধ্যমৰ তথ্য অনুসৰি বৰ্তমানলৈকে ৩০ জন লোক নিহত হয়। ইয়াৰে ১০ জন বিদেশী আছিল। কিন্তু নেপাল সেনাৰ মুখপাত্ৰই জনায় যে, এতিয়ালৈকে মুঠ ১৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
উল্লেখযোগ্য যে, নেপালৰ বিমান দুৰ্ঘটনাৰ এক দীঘলীয়া আৰু দুৰ্ভাগ্যজনক ইতিহাস আছে। বিমান সুৰক্ষা ডাটাবেছ অনুসৰি, বিগত ৩০ বছৰত নেপালত ২৭ টা মাৰাত্মক বিমান দুৰ্ঘটনা সংঘটিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|