ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ওচৰত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত অভ্যন্তৰীণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু দুজন শিশুসহ কমেও ১৬ জন লোক নিহত হয়। ইউক্ৰেইনৰ আৰক্ষীয়ে এই তথ্য দিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় আৰক্ষী প্ৰধান ইহোৰ ক্লেমেঙ্কোৱে কৈছিল যে কিয়েভৰ পূব উপনগৰ ব্ৰোবেৰীত এখন জৰুৰীকালীন সেৱাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। প্ৰাণ হেৰুওৱা সকলৰ ভিতৰত ৯জন হেলিকপ্টাৰত আছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি হেলিকপ্টাৰ দুৰ্ঘটনাত গৃহ মন্ত্ৰী ডেনিছ মোনাষ্টিৰস্কি আৰু উপমন্ত্ৰী কিৰিলো টিমোচেঙ্কো নিহত হয়। বিষয়াসকলে পূৰ্বে কৈছিল যে ১০ শিশুসহ ২২ জন লোক আহত হৈছে। হেলিকপ্টাৰখন কিণ্ডাৰগাৰ্টেনৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
ৰয়টাৰ্ছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ উপ-মুৰব্বীৰ উদ্ধৃতি দি কয় যে বিমানখন কিয়েভৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰ-পূবত ব্ৰোবেৰী চহৰত দুৰ্ঘটনাগ্ৰস্ত হয়, আনহাতে শিশু আৰু কৰ্মচাৰীসকল কিণ্ডাৰগাৰ্টেনৰ ভিতৰত আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|