
কাশ্মীৰ আৰু অমৰনাথ যাত্ৰালৈ লোৱা নিজ দেশৰ নাগৰিকসকলকো জম্মু–কাশ্মীৰ ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে।
কাশ্মীৰ আৰু অমৰনাথ যাত্ৰালৈ লোৱা নিজ দেশৰ নাগৰিকসকলকো জম্মু–কাশ্মীৰ ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে।
ইউনাইটেড কিংডম (ইউ কে)ৰ পিছত জাৰ্মানীয়েও নিজ দেশৰ নাগৰিকসকলক জম্মু আৰু কাশ্মীৰ যাত্ৰা নকৰিবলৈ সতৰ্কতা জাৰি কৰিছে। কাশ্মীৰ আৰু অমৰনাথ যাত্ৰালৈ লোৱা নিজ দেশৰ নাগৰিকসকলক সেই স্থান ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে। এনডিটিভিৰ খবৰ অনুসৰি, জাৰ্মানীয়ে কৈছে – জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সংঘটিত বিস্ফোৰণত কেইবাজনো লোক নিহত হৈছে। বিদেশী পৰ্যটকৰ বিৰুদ্ধেও যে আক্ৰমণ নহ’ব তাৰ কোনো নিশ্চয়তা নাই।
সতৰ্কবাণীত শ্ৰীনগৰসহ কাশ্মীৰৰ আন প্ৰান্ততো ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। ইয়াৰ পূৰ্বে অমৰনাথ যাত্ৰা স্থগিত ৰখাৰ পিছত আৰু তালৈ যোৱা পৰ্যটকসকলক ওভতাই অনাৰ মাজতে ব্ৰিটেইনেও নিজৰ নাগৰিকসকললৈ সতৰ্কতা জাৰি কৰিছিল। ইউ কেই জাৰি কৰা ট্ৰেভেল এডভাইজৰীত তেওঁলোকৰ নাগৰিকসকলক কেৱল জম্মুৰ চহৰতহে ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|