এয়াৰ ষ্ট্ৰাইকৰ পিছত জইছ–ই–মহম্মদৰ ঠিকনা সলনি, আফগানিস্তানলৈ স্থানান্তৰ কৰিলে সন্ত্ৰাসবাদীৰ শিবিৰ

১৪ ফেব্ৰুৱাৰীত পুলৱামাত চিআৰপিএফৰ কনভয়ত জইছ–ই–মহম্মদে আত্মঘাতী আক্ৰমণ চলোৱাৰ পিছত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত চলাইছিল এয়াৰ ষ্ট্ৰাইক।

News18-Assam
Updated:July 7, 2019, 2:47 PM IST
এয়াৰ ষ্ট্ৰাইকৰ পিছত জইছ–ই–মহম্মদৰ ঠিকনা সলনি, আফগানিস্তানলৈ স্থানান্তৰ কৰিলে সন্ত্ৰাসবাদীৰ শিবিৰ
১৪ ফেব্ৰুৱাৰীত পুলৱামাত চিআৰপিএফৰ কনভয়ত জইছ–ই–মহম্মদে আত্মঘাতী আক্ৰমণ চলোৱাৰ পিছত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত চলাইছিল এয়াৰ ষ্ট্ৰাইক।
News18-Assam
Updated: July 7, 2019, 2:47 PM IST
ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পিছত সন্ত্ৰাসবাদী সংগঠন জইছ–ই–মহম্মদৰ শিবিৰ পাকিস্তানৰ পৰা স্থানান্তৰ কৰা হৈছে। চোৰাংচোৱা সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদী সংগঠনটোৱে নিজৰ বেছ কেম্প আফগানিস্তানৰ কুনাৰ, নংগৰহাৰ, নুৰিস্তান আৰু কান্দাহাৰলৈ স্থানান্তৰ কৰিছে। এখন ইংৰাজী খবৰ কাকতত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত ভীতিগ্ৰস্ত হৈ পাকিস্তানৰ সকলো সন্ত্ৰাসবাদী সংগঠনে স্থানান্তৰ কৰিছে শিবিৰ।

উল্লেখযোগ্য যে ১৪ ফেব্ৰুৱাৰীত পুলৱামাত চিআৰপিএফৰ কনভয়ত জইছ–ই–মহম্মদে আত্মঘাতী আক্ৰমণ চলোৱাৰ পিছত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত চলাইছিল এয়াৰ ষ্ট্ৰাইক। বালাকোটত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰিছিল সন্ত্ৰাসবাদীৰ ঘাটি। এই আক্ৰমণত বহু সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি