ডিচেম্বৰলৈকে ভাৰতবৰ্ষত জন্ম হ’ব প্ৰায় ২ কোটি শিশু,  UNICEF-এ সদৰি কৰিলে তথ্য

News18 Assam | News18-Assam
Updated:May 9, 2020, 7:50 PM IST
ডিচেম্বৰলৈকে ভাৰতবৰ্ষত জন্ম হ’ব প্ৰায় ২ কোটি শিশু,  UNICEF-এ সদৰি কৰিলে তথ্য

  • Share this:
বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা কোৰোণা মহামাৰীৰ সময়ছোৱাত ভাৰতবৰ্ষত জন্ম হ’ব সৰ্বাধিক শিশুৰ। ১১ মার্চৰ পৰা ১৬ ডিচেম্বৰলৈ ভাৰতবৰ্ষত জন্ম হ’ব ২ কোটি ৪১ লাখ শিশু। অতি সম্প্ৰতি এই তথ্য প্ৰদান কৰিছে UNICEF-এ । ভাৰতবর্ষৰ পিছতে চীনত জন্ম হ’ব ১ কোটি ৩৫ লাখ শিশু। আনহাতে নাইজেৰিয়াত ৬৪ লাখ, পাকিস্তানত ৫০ লাখ আৰু ইণ্ডনেছিয়াত ৪০ লাখ শিশুৰ জন্ম হ’ব।

সেইদৰে সমগ্ৰ বিশ্বতে জন্ম হ’ব ১১ কোটি ৬০ লাখ শিশু। উল্লেখযোগ্য যে যোৱা মার্চৰ ২৫ তাৰিখৰ পৰা সমগ্ৰ দেশত এতিয়া ল’ক ডাউন। ল’ক ডাউনৰ ফলত সকলো আবদ্ধ হৈ আছে ঘৰতে। অহা ১৭ মে’ লৈকে দেশত বাহাল থাকিব ল’কডাউন।

আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে মহামাৰীৰ সময়ছোৱাত এই দেশ সমূহত নৱজাতকৰ মৃত্যুৰ হাৰো (Neonatal Mortality Rate) বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে। স্বাস্থ্য সেৱা সমূহ মহামাৰী প্ৰতিৰোধত ব্ৰতী হোৱাৰ পাছতো নৱজাতক আৰু মাতৃয়ে যাতে যথোচিত চিকিৎসা লাভ কৰে সেই দিশত অগ্ৰাধিকাৰ দিবলৈ ৰাষ্ট্ৰ সমূহক আহ্বান জনাই আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৱে ।

UNICEF-এ জনোৱা মতে, ৰাষ্ট্ৰ সংঘৰ লোকপিয়ল বিভাগৰ ‘World Population Prospect 2019’ ৰ আধাৰত প্ৰস্তুত কৰা হৈছে এই তথ্য ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading