আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ধমকৰ পিছত ইৰাণে পুনৰ এবাৰ ইৰাকস্থিত আমেৰিকান সেনাৰ শিবিৰলৈ লক্ষ্য কৰি সংঘটিত কৰিলে আক্ৰমণ। এক ডজনৰো অধিক মিছাইলেৰে আক্ৰমণ কৰিলে ইৰাণে। আমেৰিকাৰ এয়াৰবেছক লক্ষ্য কৰি সংঘটিত কৰা আক্ৰমণৰ কথা প্ৰকাশ কৰিছে পেণ্টাগনে। ইৰাণৰ এই আক্ৰমণৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইট কৰি কয় – ‘অল ইজ ৱেল!’।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে ইৰাণৰ ফালৰ পৰা কৰা আক্ৰমণৰ পিছতে সকীয়নি দি কৈছিল যে যদি ইৰাণে আমেৰিকাৰ সেনা বা সম্পত্তিৰ ওপৰত পুনৰ আক্ৰমণ কৰে তেন্তে আমেৰিকাই ইৰাণৰ ৫২টা স্থানক লক্ষ্য কৰি ল’ব আৰু আক্ৰমণ কৰিব। ট্ৰাম্পৰ এই সকীয়নিৰ চাৰিদিন পিছতে আমেৰিকাৰ সেনালৈ লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিলে ইৰাণে।
All is well! Missiles launched from Iran at two military bases located in Iraq. Assessment of casualties & damages taking place now. So far, so good! We have the most powerful and well equipped military anywhere in the world, by far! I will be making a statement tomorrow morning.