বিবাহ বিচ্ছেদে ৰাতিটোৰ ভিতৰতে সলনি কৰিলে ভাগ্য! ২৪হাজাৰ কোটি টকাৰ মালিকনী হ’ল মহিলা

News18 Assam | News18-Assam
Updated:June 6, 2020, 10:07 AM IST
বিবাহ বিচ্ছেদে ৰাতিটোৰ ভিতৰতে সলনি কৰিলে ভাগ্য! ২৪হাজাৰ কোটি টকাৰ মালিকনী হ’ল মহিলা
বিবাহ বিচ্ছেদৰ ফলত চীনৰ এগৰাকী মহিলা নিশাটোৰ ভিতৰতে কেবা হাজাৰ কোটি টকাৰ মালিকনী হৈ পৰিল। এছিয়াৰ আটাইতকৈ মহঙা বিবাহ বিচ্ছেদ আখ্যা দিয়া হৈছে এই কাণ্ডক। 

বিবাহ বিচ্ছেদৰ ফলত চীনৰ এগৰাকী মহিলা নিশাটোৰ ভিতৰতে কেবা হাজাৰ কোটি টকাৰ মালিকনী হৈ পৰিল। এছিয়াৰ আটাইতকৈ মহঙা বিবাহ বিচ্ছেদ আখ্যা দিয়া হৈছে এই কাণ্ডক। 

  • Share this:
চীনত বিবাহ বিচ্ছেদৰ ফলত এগৰাকী মহিলাৰ ভাগ্য নিশাটোৰ ভিতৰতে সলনি হৈ পৰিল। বিশ্বৰ অন্যতম ধনী মহিলাৰ ভিতৰত এগৰাকী হৈ পৰিল এইগৰাকী মহিলা।

বিবাহ বিচ্ছেদ সাধাৰণতে অত্যন্ত পীড়াদায়ক আৰু কোনো বিবাহতে এই প্ৰক্ৰিয়া পতি–পত্নী এজনেও নিবিচাৰে। কিন্তু তথাপিও দিনক দিনে পৃথিৱীত বিবাহ বিচ্ছেদৰ ঘটনা বাঢ়ি গৈ আছে। চীনৰ এনে এক বিবাহ বিচ্ছেদৰ ঘটনা পোহৰলৈ আহিছে য’ত বিবাহ বিচ্ছেদৰ পিছত মহিলাগৰাকী আৰৱপতি হৈ পৰিল।

দৰাচলতে চীনৰ এক ভেকচিন বনোৱা কোম্পানী চেনঝেন কংগটাই বায়’লজিকেল প্ৰডাক্টছ কোম্পানীৰ চেয়াৰমেন ড্যু বেইমিনৰ সৈতে পত্নীৰ বিচ্ছেদ হৈছে। এই বিবাহ বিচ্ছেদৰ পিছত ক্ষতিপূৰণ হিচাপে তেওঁ পত্নী ইউয়ান লিপিঙক কোম্পানীৰ ১৬১.৩ কোটি টকাৰ শ্বেয়াৰ দিবলগীয়া হয়। এই শ্বেয়াৰ ট্ৰান্সফাৰৰ পিছত ৪৯বছৰৰ ইউয়ান লিপিং বিশ্বৰ আটাইতকৈ ধনী মহিলা হৈ পৰিল।

গালফ নিউজৰ এক প্ৰতিবেদন মতে, সোমবাৰে শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ সময়ত শ্বেয়াৰৰ মূল্য ৩.২ আৰৱ ডলাৰ অৰ্থাৎ ২৪,০০০কোটি টকা আছিল। বিবাহ বিচ্ছেদ হোৱাৰ পিছত স্বামী ড্যুৰ সম্পত্তি এতিয়া হ্ৰাস পাই ৩.১ আৰৱ ডলাৰ অৰ্থাৎ ২৩,২৫০কোটি টকা হ’ল। অৱশ্যে ইয়াত বন্ধকত থোৱা শ্বেয়াৰৰ মূল্য অন্তৰ্ভুক্ত কৰা নাই।

কৃষকৰ পৰিয়ালত জন্ম লাভ কৰা ৫৬বছৰীয়া ড্যু চীনৰ জিয়াংশী প্ৰদেশৰ। কলেজত কেমিষ্টীৰ অধ্যয়নৰ পিছত তেওঁ ১৯৮৭চনত এক ক্লিনিকত কাম কৰা আৰম্ভ কৰে আৰু ১৯৯৫চনত এটা বায়’টেক কোম্পানীৰ চেল্ছ মেনেজাৰ হিচাপে কাম আৰম্ভ কৰে। ইয়াৰ পিছত ২০০৯চনত কাংগটাইয়ে মিনহাইৰ অধিগ্ৰহণ কৰি সম্পূৰ্ণ কোম্পানীৰ চেয়াৰমেন হৈ পৰে। মিনহাইৰ প্ৰতিষ্ঠা ড্যুয়ে ২০০৪চনত কৰিছিল।
First published: June 6, 2020, 10:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading