মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »EURO Cup Rainbow : বটল বিতৰ্কৰ পাছত ইউৰো কাপত ৰামধেনু বিতৰ্ক ! ৰামধেনু নহয় ৰাজনীতিৰ প্ৰতীক।

EURO Cup Rainbow : বটল বিতৰ্কৰ পাছত ইউৰো কাপত ৰামধেনু বিতৰ্ক ! ৰামধেনু নহয় ৰাজনীতিৰ প্ৰতীক।

representative image

representative image

উল্লেখ্য যে মিউনিখৰ আলিয়াঞ্জ এৰেনা ষ্টেডিয়ামৰ বাহিৰৰ চাৰিওফালে নানা ৰঙৰ আলোকেৰে সজাই তুলিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।  

  • Share this:
ক্ৰিষ্টিয়ানো ৰোণাল্ডো (Cristiano Ronaldo) আৰু পল পগবা (Paul Pogba)ৰ বটল বিতৰ্কৰ পাছত এইবাৰ ইউৰো কাপত দেখা গ'ল এক অভিনৱ বিতৰ্ক। সমগ্ৰ বিশ্ব কোৰোণাৰ ত্ৰাসত ত্ৰস্তমান হৈ থকাৰ সময়তে ইউৰো কাপে আনি দিছে জীয়াই থকাৰ প্ৰেৰণা। কিন্তু খেলৰ আৰম্ভণিৰ পৰাই বলতকৈ বটলৰহে অধিক চৰ্চা হৈ থাকিল ইউৰো কাপত। পাছত উৱেফাৰ কঠোৰ স্থিতিৰ বাবে বটল বিতৰ্ক শাম কাটিলেও ৰামধেনুক লৈ বিতৰ্ক হ'ল ইউৰো (EURO 2020) কাপত।

জাৰ্মানী (Germany) আৰু হাংগেৰী (Hungary)ৰ মাজৰ খেল চলি থকাৰ সময়ত মিউনিখৰ আলিয়াঞ্জ এৰেনা (Allianz Arena) ষ্টেডিয়াম ৰামধেনু (Rainbow)ৰ আৰ্হিৰ আলোক সজ্জাৰে উজলাই তোলাৰ বাে উৱেফা (UEFA)ক আবেদন জনাইছিল মিউনিখ (Munich)ৰ মেয়ৰে। হাংগেৰীয়ে শেহতীয়াকৈ সমকামী আইনক লৈ জাৰি কৰা নিষেধাজ্ঞাৰ প্ৰতিবদস্বৰূপে এইদৰে ৰামধেনুৰ ৰঙৰ আলোকেৰে ষ্টেডিয়ামখন উজলাই প্ৰতিবাদ কৰাৰ মনস্থ কৰিছিল মিউনিখৰ মেয়ৰ ডেইটৰ ৰাইটাৰে। কিন্তু উৱেফাই গ্ৰহণ নকৰিলে এই প্ৰস্তাৱ। হাংগেৰীয়ে দেশখনৰ বিদ্যালয়ত সমকামী বিষয়ক পাঠ্যসূচী অন্তৰ্ভূক্ত নকৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদৰ পোষকতা কৰিছিল মিউনিখৰ মেয়ৰে।

উৱেফাই কয় যে উৱেফা এটা অৰাজনৈতিক আৰু ধৰ্ম নিৰপেক্ষ ক্ৰীড়া সংগঠন। উৱেফাই সময়ে সময়ে মানৱ অধিকাৰ বা মানৱ জাতিৰ কল্যাণৰ বাবে প্ৰয়োজনীয় বিষয়ক প্ৰমোট কৰি আহিছে। কিন্তু এই প্ৰতিবাদে এক ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰিব বুলি মিউনিখৰ মেয়ৰৰ প্ৰস্তাৱ নাকচ কৰিলে উৱেফাই।  প্ৰয়োজন হ'লে অন্য এটা দিনত এই প্ৰতিবাদী কাৰ্যসূচী ল'ব পাৰে বুলি মেয়ৰক পৰামৰ্শ দিয়ে উৱেফাই।

উল্লেখ্য যে মিউনিখৰ আলিয়াঞ্জ এৰেনা ষ্টেডিয়ামৰ বাহিৰৰ চাৰিওফালে নানা ৰঙৰ আলোকেৰে সজাই তুলিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

শেহতীয়া বাতৰি