এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতত সোমাবলৈ মৰ সাহ নকৰে!

News18-Assam
Updated:June 24, 2019, 3:11 PM IST
এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতত সোমাবলৈ মৰ সাহ নকৰে!
বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত ভাৰতৰ সীমাত পাকিস্তানে হস্তক্ষেপ কৰিবলৈ সাহ কৰা নাইঃএয়াৰ চীফ মাৰ্ছেল বি এছ ধনোৱা

বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত ভাৰতৰ সীমাত পাকিস্তানে হস্তক্ষেপ কৰিবলৈ সাহ কৰা নাইঃএয়াৰ চীফ মাৰ্ছেল বি এছ ধনোৱা

  • Share this:
২৬ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই বালাকোট আক্ৰমণৰ পিছত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰথমবাৰলৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ বায়ু সেনাৰ চীফ এয়াৰ মাৰ্ছেল বীৰেন্দ্ৰ সিং ধনোৱাই। সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি   বালাকোট আক্ৰমণৰ পিছত পাকিস্তানী সন্ত্ৰাসবাদীৰ ভাৰতীয় আকাশ মাৰ্গত প্ৰৱেশ কৰিবলৈ সাহস কৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ভাৰতীয় বায়ু সেনাৰ চীফ মাৰ্ছেলগৰাকীয়ে।



সেইদৰে ভাৰতৰ আক্ৰমণৰ উদ্দেশ্য কেৱল পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটী উচ্ছেদ কৰা  বুলি উল্লেখ কৰে বি এছ ধনোৱাই। কিন্তু পাকিস্তানে সদায় ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে। লগতে পাকিস্তানে ভাৰতৰ ভুমি কিদৰে সদায় অশান্ত কৰি ৰাখিব পাৰে সেই লৈ ব্যস্ত থাকে বুলি তীৰ্যক মন্তব্য কৰে বি এছ ধানেৱাই। কিন্তু  ভাৰতে চলোৱা এয়াৰ ষ্ট্ৰাইকৰ প্ৰধান লক্ষ্যই আছিল পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি সমূহ উচ্ছেদ কৰা। ভাৰতে কোনো দিন দেশখন অশান্ত কৰিব নিবিচাৰে বুলি সংবাদমেলত স্থিতি স্পষ্ট কৰে বীৰেন্দ্ৰ সিং ধনোৱাই।



সেইদৰে ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই  বালাকোট আক্ৰমণৰ পিছত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ধনোৱাই কয়,যে  বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পিছত ২৭ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই  ২-৩ ঘন্টা ধৰি শ্ৰীনগৰ আকাশ মাৰ্গ বন্ধ কৰি ৰাখিছিল যদিও  ই সাধাৰণ জনজীৱনত কোনো প্ৰভাৱ পেলোৱা নাছিল। সংবাদমেলত বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে ভাৰতৰ বৰ্তমান অৰ্থব্যৱস্থা শক্তিশালী বুলিও মন্তব্য কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি