আচৰিত! আছিল যুৱতী, এটা মাছ খাই একে ৰাতিতে হৈ পৰিল বৃদ্ধা!

News18 Assam | News18-Assam
Updated:January 30, 2020, 10:20 PM IST
আচৰিত! আছিল যুৱতী, এটা মাছ খাই একে ৰাতিতে হৈ পৰিল বৃদ্ধা!
চিকিৎসকো হ’ল হতবাক! কেনেকৈ হ’ব পাৰে এনে কাণ্ড!

চিকিৎসকো হ’ল হতবাক! কেনেকৈ হ’ব পাৰে এনে কাণ্ড!

  • Share this:
সদায় ধুনীয়া হৈ থাকিবলৈ বিচাৰে প্ৰতিজনী ছোৱালীয়ে। কিন্তু এয়া কি ঘটনা! এটা মাছে সলনি কৰি দিলে এজনী যুৱতীক। ২৬বছৰীয়া সুন্দৰী যুৱতীগৰাকী হৈ পৰিল ৫০উৰ্ধৰ বয়সৰ শোতোৰা–শোতোৰ চালৰ গৰাকী।

আপুনি নিশ্চয় ভাবিছে, কেনেকৈ হ’ব পাৰে এনে কাণ্ড? কিন্তু সঁচাকৈ সংঘটিত হৈছে এনে এক কাণ্ড। প্ৰতিদিনৰ দৰেই সেইদিনাও নিশাৰ আহাৰত  মাছ খাইছিল যুৱতীগৰাকীয়ে। কিন্তু তাতেই লাগিল অথন্তৰ! মাছ খোৱাৰ পিছতে মহিলাগৰাকীৰ শৰীৰত হয় বিপৰীত প্ৰতিক্ৰিয়াই দেখা দিয়ে। প্ৰথমে এলাৰ্জিক ৰিয়েকচন ভাবি ঔষধো আনি খাইছিল যুৱতীগৰাকীয়ে। কিন্তু এই ৰোগ ভাল নহ’ল আৰু যুৱতীগৰাকী ৰাতিৰ ভিতৰতে হৈ পৰে বৃদ্ধা। যুৱতীগৰাকীৰ নাম হন থি ফুং।

এই অবিশ্বাস্য ঘটনাটো সংঘটিত হৈছিল ২০০৮ চনত ভিয়েটনামত। তেতিয়াৰ পৰা মহিলাগৰাকী আগৰ অৱস্থালৈ ঘূৰি অহা নাই। কিন্তু এতিয়া যেন ওলাইছে সমাধান সুত্ৰ। চিকিৎসকৰ ভাষাত এই ৰোগটোক কোৱা হয় ‘Lipo Dystrophy’। অত্যন্ত বিৰল এই অসুখ। বিশেষজ্ঞৰ মতে বিশ্বৰ মাত্ৰ ২০০০ মানুহ এই অসুখত আক্ৰান্ত হৈছে।

মহিলাগৰাকীৰ এই আশ্বৰ্যকৰ ৰোগৰ খবৰে আন্তঃৰাষ্ট্ৰীয় মাধ্যমতো খলকনিৰ সৃষ্টি কৰিছিল। সূদীৰ্ঘ সময় ধৰি মহিলাগৰাকীৰ ৰোগৰ গৱেষণা কৰিও কোনো চিকিৎসা উলিয়াব পৰা নগ’ল। দীঘলীয়া সময় এনেদৰে থাকি ৩০বছৰ বয়সত মৃত্যুবৰণ কৰে দুৰ্ভগীয়া হন থিয়ে।

এল’পেথিক চিকিৎসাই কাম নিদিয়াত চীনা পৰম্পৰাগত ভেষজ চিকিৎসাৰে সুস্থ হোৱাৰ আপ্ৰাণ চেষ্টা চলাইছিল হন থিয়ে। কিন্তু একো ঔষধেই কাম নকৰাত অতি কম সময়ৰ ভিতৰতে ৭০বছৰীয়া বয়োবৃদ্ধাৰ দৰে হৈ পৰিছিল হন থি। ঘৰৰ পৰা বাহিৰলৈ ওলালেই এখন মুখা পিন্ধি ওলাইছিল দুৰ্ভগীয়া মহিলাগৰাকী। অৱশ্যে তেওঁৰ কণ্ঠস্বৰ একেই কমবয়সীয়া যুৱতীৰ দৰেই হৈ আছিল।

ভিয়েটনামৰ HCM City Endocrine Association–এ কয় যে হন থিৰ বয়স বৃদ্ধি হোৱা নাছিল বা বৃদ্ধকালৰ কোনো লক্ষণ তেওঁৰ মাজত ফুটি উঠা নাছিল কেৱল দেখিবলৈহে তেওঁ বয়োবৃদ্ধাৰ দৰে হৈ পৰিছিল। তেওঁৰ স্মৃতিশক্তি ভাল হৈ আছিল আৰু শৰীৰৰ আভ্যন্তৰীণ অংগ–প্ৰত্যংগসমূহো ভাল হৈ আছিল। corticoidৰ কাৰণেই মহিলাগৰাকীৰ এই ৰোগ হোৱাৰ আশংকা কৰা হৈছে। চিকিৎসকৰ মতে, দীঘলীয়া সময় corticoid থকা ঔষধ লৈ হঠাৎ এৰি দিয়াৰ কাৰণে এই লক্ষণে দেখা দিব পাৰে।

পৰৱৰ্তী সময়ত UKৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰি কাকত দ্য চানত প্ৰকাশ পাইছিল যে ফুঙৰ ৰোগ lipodystrophy নামৰ এবিধ বিৰল ৰোগ হ’ব পাৰে। এই ৰোগত চালৰ তলত চৰ্বিযুক্ত পেশী গঠন হয় আৰু চালখন দেখিবলৈ ৰুগীয়া হৈ পৰে।

ৰোগত আক্ৰান্ত হোৱাৰ পিছতো স্বামীয়ে অতি মৰমেৰে যতন লৈছিল মহিলাগৰাকীৰ।


কাকতখনত লিখা হৈছিল যে কোনো ধৰণৰ চিকিৎসা নথকা এই ৰোগত চাল ওলমি পৰে বলিৰেখা স্পষ্ট হৈ পৰে। সেইপৰ্যন্ত কেৱল বিশ্বৰ ২০০০লোকৰ মাজতহে এনে লক্ষণ দেখা দিছিল। ফুং আছিল এই ৰোগৰ দ্বিতীয়গৰাকী ৰোগী।

জাপানৰ একাংশ টেলিভিজন চেনেলে দুৰ্ভগীয়া মহিলাগৰাকীৰ সন্দৰ্ভত ছবি নিৰ্মানো কৰিছিল।

সুস্থ অৱস্থাত দুৰ্ভগীয়া মহিলাগৰাকী।
আৰু চাওক
পৰৱৰ্তী বাতৰি