• Home
  • »
  • News
  • »
  • world
  • »
  • Afghanistan woman : চাৰিওফালে তালিবান, তাৰ মাজতে কাবুলৰ ৰাজপথত প্লেকাৰ্ড হাতত লৈ প্ৰতিবাদ মহিলাৰ! ভিডিঅ’ ভাইৰেল

Afghanistan woman : চাৰিওফালে তালিবান, তাৰ মাজতে কাবুলৰ ৰাজপথত প্লেকাৰ্ড হাতত লৈ প্ৰতিবাদ মহিলাৰ! ভিডিঅ’ ভাইৰেল

তেওঁলোকৰ দাবী, ইমান বছৰে যি নাগৰিকৰ অধিকাৰ তেওঁলোকে লাভ কৰিছে, কোনো মূল্যৰ বিনিময়ত সেয়া হেৰুৱাব নিবিচাৰে।

তেওঁলোকৰ দাবী, ইমান বছৰে যি নাগৰিকৰ অধিকাৰ তেওঁলোকে লাভ কৰিছে, কোনো মূল্যৰ বিনিময়ত সেয়া হেৰুৱাব নিবিচাৰে।

তেওঁলোকৰ দাবী, ইমান বছৰে যি নাগৰিকৰ অধিকাৰ তেওঁলোকে লাভ কৰিছে, কোনো মূল্যৰ বিনিময়ত সেয়া হেৰুৱাব নিবিচাৰে।

  • Share this:


আফগানিস্তানত তালিবানৰ আধিপত্য বিস্তাৰৰ পিছতে দেশ এৰি পলাইছে বহু লোক। যিসকলৰ পলোৱাৰ উপায় নাই, তেওঁলোকে আশা–নিৰাশাৰ দোমোজাত দিন কটাইছে কাবুলত। ইয়াৰ মাজতে কোনোৱে আকৌ দেখুৱাইছে সাহস। প্ৰাণৰ সংশয়ৰ মাজতে অধিকাৰ ৰক্ষাৰ দাবীৰে ৰাজপথত নামি প্ৰতিবাদ। হয়, শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সঁচা। তালিবানৰ সন্ত্ৰাসৰ মাজতে কাবুলত প্ৰতিবাদত নামিল একাংশ মহিলা। তেওঁলোকৰ দাবী, ইমান বছৰে যি নাগৰিকৰ অধিকাৰ তেওঁলোকে লাভ কৰিছে, কোনো মূল্যৰ বিনিময়ত সেয়া হেৰুৱাব নিবিচাৰে।

ইৰানিয়ান সাংবাদিক মাছিহ আলিনেজাদে এটা ভিডিঅ’ টুইট কৰিছে। সেই টুইটত দেখা গৈছে, তালিবান যোদ্ধাসকলে ঘেৰি ৰাখিছে চাৰি মহিলাক। হিজাব পৰিহিতচাৰি মহিলাই হাতত প্লেকাৰ্ড লৈ শ্লোগান দিছে কাবুলৰ ৰাজপথত। তেওঁলোকৰ দাবী, ‘সামাজিক নিৰাপত্তা, কামৰ স্বাধীনতা, শিক্ষাৰ স্বাধীনতা, ৰাজনীতিত অংশগ্ৰহণৰ স্বাধীনতা বিচাৰো।’

এই দৃশ্য পোহৰলৈ অহাৰ পিছতে বহুতেই ঘূৰি গৈছে ২০১১ৰ সময়লৈ। যেতিয়া মুকলিকৈ প্ৰতিবাদতো দূৰৰে কথা, পৰিয়ালৰ সদস্যৰ বাদে কাৰো সৈতে ৰাস্তাত ওলাব নোৱাৰিছিল আফগান মহিলাসকলে। অথচ আজি সেই তালিবানেই দ্বিতীয় ইনিংছ আৰম্ভ কৰাৰ পিছত দেখা গৈছে, একাংশ মহিলাই ৰাজপথত নামি কৈছে, ইমান বছৰে যি সামান্যতম নাগৰিক অধিকাৰ আমি পাইছো সেয়া খৰ্ব নকৰিব।

Published by:Sanjay Kumar Das
First published: