যি সময়ত তালিবানৰ দৃষ্টিভংগী সলনি হৈছে বুলি দাবী কৰি চীন, পাকিস্তান আদি দেশসমূহে তালিবানক মান্যতা দিয়াৰ বাবে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাবী তুলিছে, সেই সময়তে তালিবান চৰকাৰে পুনৰ উদঙাই দেখুৱাইছে নিজৰ স্বৰূপ। শেহতীয়াকৈ তালিবান চৰকাৰে প্ৰস্তুত কৰা মন্ত্ৰীৰ তালিকাৰ এগৰাকীও মহিলাক স্থান নিদিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তালিবান চৰকাৰৰ এগৰাকী প্ৰবক্তা ছৈয়দ হাছিমীৰ মন্তব্য, "মহিলাৰ কাম কেৱল সন্তান জন্ম দিয়াহে। মন্ত্ৰিত্বৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁলোকৰ বাবে মাথোঁ বোজা। আমি বিচাৰো মহিলাই কেৱল সন্তান জন্ম দিয়াৰ কামত মনোনিৱেশ কৰক।"
ইয়াৰ পিছতে তালিবানী শাসন ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে আফগানিস্তানৰ মহিলা। আফগানিস্তানৰ মহিলাসকলে কেৱল এতিয়া বিচাৰিছে তালিবানৰ পৰা মুক্তি। তালিবানী উগ্ৰপন্থী অথবা তালিবানী সামৰিক বাহিনীৰ দমন নীতিত ভীতিগ্ৰস্ত নহৈ আফগানিস্তানৰ মহিলাই "আজাদী, আজাদী" শ্লোগানেৰে মুখৰ কৰিছে কাবুলৰ ৰাজপথ।
মহিলাসকলৰ বিভিন্ন ঠাইত তালিবানী বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ আৰু শূন্যলৈ গুলীচালনা কৰি ভীতিগ্ৰস্ত কৰাৰ চেষ্টা চলাইছে যদিও আফগানিস্তানৰ মহিলাসকলক স্তব্ধ কৰাত সক্ষম হোৱা নাই তালিবান চৰকাৰ। বিশ্ববাসীৰ ওচৰত তালিবানৰ পৰা মুক্তি বিচাৰি কাতৰ আহ্বান জনাইছে। মহিলাৰ প্ৰতিবাদত কঁপনি উঠিছে তালিবানী চৰকাৰৰ বৰঘৰত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|