Taliban 2: দুদিনত গঠন হ'ব আফগানিস্তানত চৰকাৰ! কোনে ল'ব কি দায়িত্ব, কেনে হ'ব Taliban 2
Taliban 2: দুদিনত গঠন হ'ব আফগানিস্তানত চৰকাৰ! কোনে ল'ব কি দায়িত্ব, কেনে হ'ব Taliban 2
Taliban 2: ইতিমধ্যে তালিবানৰ ফালৰ পৰা পুলিচ বা সামৰিক বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ সৈতে যোগাযোগ কৰা হৈছে। যাতে বিভিন্ন পদত তেওঁলোকৰ নিয়োজিত কৰিব পৰা যায়। এই কথা জনাইছে ৱাহিদুল্লাহ হাছিমীয়ে।
Taliban 2: ইতিমধ্যে তালিবানৰ ফালৰ পৰা পুলিচ বা সামৰিক বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ সৈতে যোগাযোগ কৰা হৈছে। যাতে বিভিন্ন পদত তেওঁলোকৰ নিয়োজিত কৰিব পৰা যায়। এই কথা জনাইছে ৱাহিদুল্লাহ হাছিমীয়ে।
আগন্তুক দুদিনত গঠন হ'ব পাৰে চৰকাৰ। তালিবান অধিকৃত আফগানিস্তানত গণতান্ত্ৰিক চৰকাৰ হোৱাৰ কোনো সম্ভাৱনা নাই। বৰঞ্চ এখন কাউঞ্চিল গঠন হ'ব পাৰে। যি কাউঞ্চিলৰ দায়িত্ব ল'ব ইছলামিক জেহাদী আন্দোলনৰ সৰ্বেসৰ্বা হায়াবতউল্লাহ আখুনদজদা, ৰয়টাৰ্ছক দিয়া সাক্ষাৎকাৰত এই কথা জনাইছে তালিবানৰ এগৰাকী নেতাই।
ইতিমধ্যে তালিবানৰ ফালৰ পৰা পুলিচ বা সামৰিক বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ সৈতে যোগাযোগ কৰা হৈছে। যাতে বিভিন্ন পদত তেওঁলোকৰ নিয়োজিত কৰিব পৰা যায়। এই কথা জনাইছে ৱাহিদুল্লাহ হাছিমীয়ে। এতিয়া লক্ষণীয় হ'ব, কিমান সফল হব তালিবনাৰ তৎপৰতা।
হাছিমীয়েএই কথা কিছু পৰিমাণে স্পষ্ট কৰিছে যে, যদি তালিবান চৰকাৰ গঠন হয় তেন্তে শক্তিৰ গাঁথনি কেনেকুৱা হ'ব। তেওঁৰ কথাৰ পৰা এইটো স্পষ্ট যে, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবান শাসনত থাকোতে চৰকাৰে যিধৰণে চলিছিল, সেই পথকে অনুসৰণ কৰিব পাৰে তালবান ২ চৰকাৰেও। সেই সময়ত মোল্লা ওমৰ সমুখলৈ ওলাই অহা নাছিল। হাচামীয়ে ভাবে যে, হায়াবতউল্লাহে সেই ধৰণৰে ভূমিকা পালন কৰিব পাৰে। তেওঁৰ হৈ দেশ চলাব এখন কাউঞ্চিলে।