• Home
  • »
  • News
  • »
  • world
  • »
  • Afghanistan Crisis: গৃহযুদ্ধৰ দিশে আফগানিস্তান, সুযোগৰ অপেক্ষাত আল–কায়দা, ইছলামিক ষ্টেটঃ মাৰ্কিন সামৰিক বিষয়া

Afghanistan Crisis: গৃহযুদ্ধৰ দিশে আফগানিস্তান, সুযোগৰ অপেক্ষাত আল–কায়দা, ইছলামিক ষ্টেটঃ মাৰ্কিন সামৰিক বিষয়া

মাৰ্ক মিলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম ফক্স নিউজত এনে আশংকা প্ৰকাশ কৰিছে।

মাৰ্ক মিলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম ফক্স নিউজত এনে আশংকা প্ৰকাশ কৰিছে।

মাৰ্ক মিলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম ফক্স নিউজত এনে আশংকা প্ৰকাশ কৰিছে।

  • Share this:

তালিবানে ক্ষমতা দখল কৰাৰ পিছৰে পৰা আফগানিস্তান ভয়ানক সংকটত আছে। এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ পদবীৰ সামৰিক বিষয়া মাৰ্ক মিলিয়ে মন্তব্য কৰে যে এনে পৰিস্থিতিত দেশখন গৃহযুদ্ধৰ দিশে আগবাঢ়ি আছে। ৰাজধানী কাবুলৰ পতনৰ পিছতে আফগানিস্তান তালিবানৰ নিয়ন্ত্ৰণলৈ আহিছিল।


বৰ্তমান সম্পূৰ্ণ আফগানিস্তান নিজ দখললৈ অনাৰ বাবে তালিবানে দেশখনৰ পঞ্জশীৰ প্ৰদেশত আহমদ মাছুদ বাহিনীৰ সৈতে যুঁজ দি আছে। দুয়োটা পক্ষই বহুতো হতাহত হোৱাৰ দাবী কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথা হৈছে আফগানিস্তানৰ অৰ্থনীতিও ধ্বংসৰ দিশে গতি কৰিছে।


দেশৰ বেংকবোৰ এতিয়া প্ৰায় অৰ্থহীন হৈ পৰিছে। বিভিন্ন বিত্তীয় সহায়ো বন্ধ কৰা হৈছে। ইফালে, কাবুল, হেৰাটসহ বিভিন্ন অঞ্চলত নিজ অধিকাৰ বিচাৰি ওলাই আহিছে আফগান মহিলা। এই প্ৰতিবাদক ছত্ৰভংগ দিয়াবলৈ তালিবানে আক্ৰমণো কৰা পৰিলক্ষিত হৈছে।


মাৰ্ক মিলিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম ফক্স নিউজক কয়, 'মোৰ সামৰিক হিচাপ–নিকাচে কয় যে পৰিস্থিতি গৃহযুদ্ধৰ দিশলৈ গতি কৰিছে।' গৃহযুদ্ধৰ ফলত আল-কায়দা আৰু ইছলামিক ষ্টেট (আইএছ)ৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহ পুনৰ সন্মুখলৈ আহিব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে। সেনা বিষয়াজনৰ মতে, অহা ১২, ২৪ বা ৩৬ মাহত আফগানিস্তানত সন্ত্ৰাসবাদ পুনৰুজ্জীৱিত হ'ব পাৰি।

Published by:Gautam Barman
First published: