• Home
  • »
  • News
  • »
  • world
  • »
  • আমেৰিকান সেনাই এৰি যোৱা ব্লেক হক হেলিকপ্টাৰ উৰুৱাই বিপদত তালিবানৰ নৱাগত পাইলট; দুৰ্ঘটনাত পতিত হৈ তিনিজনৰ মৃত্যু

আমেৰিকান সেনাই এৰি যোৱা ব্লেক হক হেলিকপ্টাৰ উৰুৱাই বিপদত তালিবানৰ নৱাগত পাইলট; দুৰ্ঘটনাত পতিত হৈ তিনিজনৰ মৃত্যু

আফগানিস্তানৰ ৰাজধানী কাবুলত তালিবানৰ প্ৰশিক্ষণ অনুশীলনৰ সময়ত এখন ব্লেক হক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।

আফগানিস্তানৰ ৰাজধানী কাবুলত তালিবানৰ প্ৰশিক্ষণ অনুশীলনৰ সময়ত এখন ব্লেক হক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।

আফগানিস্তানৰ ৰাজধানী কাবুলত তালিবানৰ প্ৰশিক্ষণ অনুশীলনৰ সময়ত এখন ব্লেক হক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।

  • Share this:
আফগানিস্তানত তালিবানৰ নৱাগত পাইলটসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই এৰি যোৱা পৰিত্যক্ত সামৰিক হেলিকপ্টাৰ উৰুৱাবলৈ চেষ্টা কৰাৰ ফলত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে তালিবানৰ নৱাগত পাইলটসকলে আমেৰিকাই আফগানিস্থান এৰি যোৱাৰ পাছত গৰাকীবিহিনভাৱে পৰি থকা ব্লেক হক হেলিকপ্টাৰখন উৰোৱা শিকিবলৈ চেষ্টা কৰি আছিল। এই কাৰ্যৰ সময়তেই সংঘটিত দুৰ্ঘটনাত ৩ জন নিহত হোৱাৰ লগতে ৫ জন লোক আহত হয়।

সংবাদ সংস্থা ৰয়টৰ্ছৰ এক তথ্য অনুসৰি, আফগানিস্তানৰ ৰাজধানী কাবুলত তালিবানৰ প্ৰশিক্ষণ অনুশীলনৰ সময়ত এখন ব্লেক হক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।

শনিবাৰে তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইনায়াতুল্লা খোৰাজমীয়ে এই বিষয়ে তথ্য দি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্লেক হক হেলিকপ্টাৰৰ প্ৰশিক্ষণ চলি আছিল। কাৰিকৰী সমস্যাৰ বাবে হেলিকপ্টাৰখন ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত দুৰ্ঘটনাত পতিত হৈছিল য’ত তিনিজনৰ মৃত্যুৰ লগতে পাঁচজন লোক আহত হৈছিল।

উল্লেখযোগ্য যে, প্ৰায় এবছৰ পূৰ্বে তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত কিছুমান বিমানৰ নিয়ন্ত্ৰণ নিজ হাতলৈ লৈছিল। এইটো এতিয়াও অস্পষ্ট যে আমেৰিকাই এৰি যোৱা বিমানৰ কিমানকেইখন বৰ্তমান ব্যৱহাৰযোগ্য অৱস্থাত আফগানিস্তানত আছে। জানিব পৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে দেশ এৰি যোৱাৰ আগতে ইচ্ছাকৃতভাৱে কিছুমান সামৰিক সঁজুলি ক্ষতিগ্ৰস্ত কৰিছিল। আনহাতে, আফগান সেনাই মধ্য এছিয়াৰ দেশসমূহলৈ ইয়াৰে কিছুমান হেলিকপ্টাৰ প্ৰেৰণ কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে স্বীকাৰ কৰিছিল যে আমেৰিকান সৈন্যই আফগানিস্তানৰ পৰা উভতি অহা সময়ত প্ৰায় ৭ বিলিয়ন ডলাৰ মূল্যৰ অস্ত্ৰ-শস্ত্ৰ তাত এৰি থৈ যাব লগা হৈছিল। সেই এৰি যোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত বহুতো মিছাইল, বিমান, সামৰিক বাহনসহ যথেষ্টসংখ্যক গধুৰ অস্ত্ৰ অন্তৰ্ভুক্ত আছিল। এই অস্ত্ৰবোৰ পিছত তালিবানে নিজৰ দখললৈ নিছিল। আমেৰিকাই আফগানিস্তানত এৰি যোৱা বৃহৎ সংখ্যক বিমান আৰু হেলিকপ্টাৰৰ ভিতৰত কেঈবাখনো ব্লেক হক হেলিকপ্টাৰ, ১৫০ খন বিমান, ৪৫ খন ইউএইচ-৬০ হেলিকপ্টাৰ, ৫০ খন সৰু হেলিকপ্টাৰ আৰু চাৰিখন চি-১৩০ পৰিবহন বিমান আছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি