আফগানিস্তানঃ তালিবান আক্ৰমণত নিৰ্বাচন আয়োগৰ ৮ গৰাকী কৰ্মীসহ ১৯ গৰাকী নিহত

News18-Assam
Updated:July 1, 2019, 2:44 PM IST
আফগানিস্তানঃ তালিবান আক্ৰমণত নিৰ্বাচন আয়োগৰ ৮ গৰাকী কৰ্মীসহ ১৯ গৰাকী নিহত
দেওবাৰে নিশা তালিবানী সন্ত্ৰাসবাদীয়ে বিস্ফোৰকভৰ্তি ৪খন বাহন মাৰুফ জিলা কেন্দ্ৰৰ সৈতে খুন্দিয়াই। বিস্ফোৰণৰ ফলত জিলা কেন্দ্ৰ সম্পূৰ্ণভাৱে ধ্বংস হৈ যায়।

দেওবাৰে নিশা তালিবানী সন্ত্ৰাসবাদীয়ে বিস্ফোৰকভৰ্তি ৪খন বাহন মাৰুফ জিলা কেন্দ্ৰৰ সৈতে খুন্দিয়াই। বিস্ফোৰণৰ ফলত জিলা কেন্দ্ৰ সম্পূৰ্ণভাৱে ধ্বংস হৈ যায়।

  • Share this:
দেওবাৰে তালিবানী সন্ত্ৰাসবাদীয়ে দক্ষিণ আফগানিস্তানৰ এটা জিলা কেন্দ্ৰত আক্ৰমণ কৰে। এই আক্ৰমণত দেশৰ নিৰ্বাচন আয়োগৰ ৮ গৰাকী কৰ্মীসহ ১৯ গৰাকী লোকৰ মৃত্যু হয়। আফগানিস্তানত ১৮ বছৰ ধৰি অব্যাহত থকা যুদ্ধ অন্ত পেলাবলৈ আমেৰিকা আৰু তালিবানৰ মাজত চলি থকা বৈঠকৰ মাজতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। দেওবাৰে বৈঠকৰ দ্বিতীয় দিন আছিল।

দক্ষিণ কন্ধাৰ প্ৰান্তৰ আৰক্ষী প্ৰবক্তা অনুসৰি তালিবানী সন্ত্ৰাসবাদীয়ে বিস্ফোৰকভৰ্তি ৪খন বাহন মাৰুফ জিলা কেন্দ্ৰৰ সৈতে খুন্দিয়াইছিল। বিস্ফোৰণৰ ফলত জিলা কেন্দ্ৰ সম্পূৰ্ণভাৱে ধ্বংস হৈ যায় আৰু ৮ গৰাকী নিৰ্বাচন আয়োগৰ কৰ্মচাৰীৰ মৃত্যু হয়। বিস্ফোৰণৰ সময়ত জিলা কেন্দ্ৰত ১১ গৰাকী আৰক্ষীকৰ্মী উপস্থিত আছিল। বিস্ফোৰণত আটাইকেইজন আৰক্ষী নিহত হোৱাৰ লগতে ২৭ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। আফগানিস্তানৰ Independent Election Commissionৰ প্ৰৱক্তা জবীওল্লা সদাতে ক’লে যে ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত জিলা কেন্দ্ৰত ভোটাৰৰ নাম দাখিল কৰি আছিল বিস্ফোৰণৰ সময়ত।

 
First published: July 1, 2019, 2:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি